বাজাজ জেনেৰেল ইঞ্চিউৰেঞ্চৰ ₹5 কোটি পৰ্যন্ত ক’ভাৰেজ থকা এক অত্যাধুনিক স্বাস্থ্য বীমা আঁচনি ‘MHCP এজ্+’ মুকলি

বাজাজ জেনেৰেল ইঞ্চুৰেন্সে আৰম্ভ কৰিছে ‘মাই হেল্থ কেয়াৰ প্লেন এজ+’ (এম এইচ চি পি এজ+) নামৰ নতুন স্বাস্থ্য ক্ষতিপূৰণ বীমা পৰিকল্পনা, য’ত ৫ লাখৰ পৰা ৫ কোটি টকালৈকে বীমা কৰা ধনৰ সৈতে নমনীয় আৰু অনুকূলিত বীমা বিকল্প প্ৰদান কৰা হৈছে। কোম্পানীটোৱে কয় যে, এই প্লেন মডিউলাৰ গাঁথনিৰ জৰিয়তে বৰ্ধিত স্বাস্থ্যসেৱাৰ খৰচৰ সৈতে মোকাবিলা কৰিবলৈ আৰু পকেটৰ বাহিৰৰ খৰচ হ্ৰাস কৰিবলৈ ডিজাইন কৰা হৈছে, যিয়ে গ্ৰাহকসকলক নিজৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা আৰু ব্যয়সাধ্যতাৰ ওপৰত ভিত্তি কৰি এড-অন আৰু ৰাইডাৰ বাছি ল’ব পাৰে। এমএইছচিপি এজ+ এ এটা পলিচী বছৰৰ ভিতৰত বীমা কৰা ধনৰ সীমাহীন পুনৰুদ্ধাৰ প্ৰদান কৰে, যাৰ ফলত একাধিক দাবীৰ ক্ষেত্ৰত অবিৰত সুৰক্ষা নিশ্চিত কৰা হয়। ভিত্তি পৰিকল্পনাত কোঠাৰ ভাড়া, আইচিইউৰ চাৰ্জ, অস্ত্ৰোপচাৰ, আধুনিক চিকিৎসা পদ্ধতি, আয়ুষ থেৰাপী, চিকিৎসালয়ত ভৰ্তি হোৱাৰ পূৰ্বে আৰু পিছৰ খৰচ, বহিঃ চিকিত্সা পদ্ধতি, ঘৰুৱা চিকিৎসালয়ত ভৰ্তি, অংগ দাতাৰ খৰচ আৰু জৰুৰীকালীন এম্বুলেন্স সেৱাকে ধৰি চিকিৎসালয়ত ভৰ্তিৰ বিভিন্ন খৰচ সামৰি লোৱা হৈছে।

বীমাকৰ্তাই কয় যে এই বিকল্পত কনজিউমেবলছ প্লাছ, ছুপাৰ কিউমুলেটিভ বোনাছ, মেজৰ ইলনেছ আৰু এক্সিডেণ্ট মাল্টিপ্লায়াৰৰ দৰে বৈকল্পিক ৰাইডাৰ আৰু বিদেশত জৰুৰীকালীন আৰু পৰিকল্পিত চিকিৎসাৰ বাবে বিশ্বব্যাপী আৱৰণ বিকল্প অন্তৰ্ভুক্ত আছে। ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহৰ ভিতৰত আছে ‘এজ শ্বিল্ড ৰাইডাৰ’, যিয়ে দাবী নকৰা পৰ্যন্ত প্ৰৱেশৰ বয়সতে প্ৰিমিয়ামটো স্থিৰ কৰি ৰাখে, আৰু ‘স্মাৰ্ট টেনিউৰ’, যাৰ দ্বাৰা গ্ৰাহকে পলিচীৰ সম্পূৰ্ণ ম্যাদৰ মুঠ বীমাৰ পৰিমাণ একত্ৰিত কৰিব পাৰে আৰু প্ৰথম বছৰৰ পৰাই ইয়াক নমনীয়ভাৱে ব্যৱহাৰ কৰিব পাৰে।

এই উন্মোচন অনুষ্ঠানত ভাষণ প্ৰদান কৰি ডাঃ তপন সিংঘেলে কয় যে, এই সেৱাৰ লক্ষ্য হৈছে স্বাস্থ্য বীমাক অধিক নমনীয়, স্বচ্ছ আৰু গ্ৰাহকৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাৰ সৈতে সংলগ্ন কৰা। ব্যক্তিগত আৰু ফেমিলী ফ্লোটাৰ—উভয় বিকল্পতে উপলব্ধ এই প্লেনে আজীৱন নবীকৰণৰ সুবিধা, পাঁচ বছৰলৈকে পলিচীৰ ম্যাদ আৰু মাত্ৰ তিনি মাহ বয়সৰ পৰাই ব্যক্তিক বীমাৰ সুবিধা প্ৰদান কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *