নিৰ্ধাৰিত সময়সীমাত পেঞ্চনৰ গোচৰ নিষ্পত্তি নকৰিলে অসম চৰকাৰৰ সংশ্লিষ্ট দায়িত্বপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ আৰ্থিক ব্যৱস্থা। কামত ফাঁকি দিয়া কৰ্মচাৰীক জবাবদিহি কৰিবলৈ ৰাজ্য চৰকাৰে অলপতে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰিয়েই ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই নতুন নিয়ম কঠোৰ কৰি তুলিছে।
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চন লাভৰ প্ৰক্ৰিয়া সহজ কৰিবলৈ মঙলবাৰে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই চৰকাৰৰ এই স্থিতি স্পষ্ট কৰে। তেওঁ কয়, “জীৱনৰ মূল্যৱান সময় ৰাজ্যৰ সেৱাত উছৰ্গা কৰা কৰ্মচাৰীসকলে অৱসৰৰ পাছতো সন্মানসহকাৰে জীৱন নিৰ্বাহ কৰাটো অধিকাৰ; কিন্তু বহু ক্ষেত্ৰত পেঞ্চন লাভত হোৱা অযথা বিলম্বৰ বাবে তেখেতসকল মানসিক আৰু আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আহিছে। এই অৱস্থা কোনোপধ্যে গ্ৰহণযোগ্য নহয়।” পেঞ্চন প্ৰক্ৰিয়াকৰণত স্বচ্ছতা আনিবলৈ চৰকাৰে জৰিমনা বিহাৰ লগতে কেতবোৰ সৰলীকৃত ব্যৱস্থা হাতত লৈছে বুলিও তেওঁ উল্লেখ কৰে।
নতুন চৰকাৰী নিৰ্দেশনা অনুসৰি ২০০৩ চনৰ ২৩ জুনত জাৰি কৰা এছঅ’পি আৰু সময়সীমা উলংঘা কৰা কাৰ্যালয়ৰ মুৰব্বীসকল এই জৰিমনাৰ আওতালৈ আহিব। এনেদৰে বিলম্ব হোৱা পেঞ্চনৰ গোচৰসমূহৰ এখন সম্পূৰ্ণ তালিকা ‘কৃতজ্ঞতা’ প’ৰ্টেলৰ জৰিয়তে প্ৰতি মাহে প্ৰস্তুত কৰা হ’ব। এই তালিকাৰ কপি সংশ্লিষ্ট জিলা আয়ুক্ত, বিভাগসমূহৰ জ্যেষ্ঠতম সচিব আৰু কাৰ্যালয়ৰ মুৰব্বীসকললৈ নিয়মীয়াকৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।
পেঞ্চন প্ৰক্ৰিয়াকৰণৰ প্ৰতিটো পৰ্যায়ত গাফিলতি কৰা দায়বদ্ধ বিষয়াই প্ৰতিদিনৰ বিলম্বৰ বাবদ ২৫০ টকাকৈ জৰিমনা ভৰিব লাগিব। এগৰাকী বিষয়াৰ দৰমহাৰ পৰা সৰ্বাধিক পাঁচ হাজাৰ টকা পৰ্যন্ত কৰ্তন হ’ব পাৰে বুলি নিৰ্দেশনাটোত স্পষ্ট কৰা হৈছে। এই অনাদায়ী ধন ‘ফিনআছাম’ প’ৰ্টেলৰ জৰিয়তে কৰ্মচাৰীজনৰ মাহিলী দৰমহাৰ বিলৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰা হ’ব।
ড্ৰয়িং এণ্ড ডিচবাৰ্চিং অফিচাৰ (ডিডিঅ’) সকলে এই নিয়মত জৰিমনা কৰ্তন হোৱাটো নিশ্চিত কৰিব লাগিব। দৰমহাৰ পৰা কৰ্তন কৰা এই জৰিমনাৰ বিতং তালিকা পৰৱৰ্তী সময়ত ‘ARTPPG’ বিভাগলৈ প্ৰেৰণ কৰাটো বাধ্যতামূলক কৰা হৈছে। চৰকাৰী এই জৰিমনাৰ পৰা হাত সাৰিবলৈ সকলো বিভাগ, সঞ্চালকালয় আৰু অধীনস্থ কাৰ্যালয়সমূহক নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে পালন কৰিবলৈ সতৰ্ক কৰি দিছে চৰকাৰে।
