গুৱাহাটীত প্ৰথমটো শ্ব’ৰুম মুকলিৰে অসমৰ বজাৰত প্ৰৱেশ মালাবাৰ গোল্ড এণ্ড ডাইমণ্ডছৰ


আগশাৰীৰ গহণা খুচুৰা বিক্ৰেতা মালাবাৰ গোল্ড এণ্ড ডাইমণ্ডছে আজি গুৱাহাটীত প্ৰথমটো শ্ব’ৰুম মুকলি কৰি অসমত ব্যৱসায়িক পদচিহ্ন আৰম্ভ কৰাৰ কথা ঘোষণা কৰি পূব ভাৰতত সম্প্ৰসাৰণ অধিক শক্তিশালী কৰি তুলিছে। নতুনকৈ শ্ব’ৰুম মুকলিৰ লগে লগে পূব ভাৰতত কোম্পানীটোৰ নেটৱৰ্ক ২১টা শ্ব’ৰুমলৈ বৃদ্ধি পালে।
নতুনকৈ মুকলি কৰা প্ৰায় ৮ হাজাৰ বৰ্গফুটৰ শ্ব’ৰুমটো বিশাল বিন্যাস, আধুনিক আভ্যন্তৰীণ অংশ আৰু ব্যক্তিগতকৃত গ্ৰাহক সেৱাৰ সৈতে প্ৰিমিয়াম খুচুৰা সেৱা প্ৰদান কৰিবলৈ প্ৰস্তুত কৰা হৈছে। ভাৰতৰ পৰিচালনা শাখাৰ পৰিচালন সঞ্চালক অ’ আশ্বেৰৰ সৈতে জনপ্ৰিয় অভিনেতা ছনু সুদে কোম্পানীটোৰ কাৰ্যবাহী, গ্ৰাহক আৰু স্থানীয় বিশিষ্ট লোকৰ উপস্থিতিত এই আউটলেটটো উদ্বোধন কৰে।
এই শ্ব’ৰুমত সোণ, হীৰা, প্লেটিনাম, ৰত্ন আৰু ৰূপৰ গহণাসমূহৰ এক বিস্তৃত পৰ্টফলিঅ’ আছে, যিয়ে ব্রাইডেল, ফেষ্টিভেল, উপহাৰ অথবা দৈনন্দিন পোছাক ছেগমেণ্টৰ বাবে আকৰ্ষণীয় বিকল্প যোগান ধৰে৷ গ্ৰাহকে মাইন ডাইমণ্ড গহণা, ইৰা আনকাট ডাইমণ্ড, প্ৰেচিয়া ৰত্ন গহণা, পৰম্পৰাগত হস্তনিৰ্মিত গহণা আৰু ভিৰাজপলকিজুৱেলাৰী আদি স্বাক্ষৰযুক্ত সংগ্ৰহসমূহ অন্বেষণ কৰিব পাৰে। এক মুখ্য আকৰ্ষণ হৈছে ‘চিত্ৰাংগী’, যি হৈছে পূব ভাৰতৰ দ্বাৰা অনুপ্ৰাণিত এক সংগ্ৰহ। ইয়াত বংগ আৰু ওড়িশাৰ ডিজাইনৰ উপাদানসমূহ অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ভিতৰত আছে মন্দিৰৰ চানেকি, আল্পনা-অনুপ্ৰাণিত আৰ্হি আৰু পূব ভাৰতৰ পৰম্পৰাগত কাৰুশিল্প।
মালাবাৰ গ্ৰুপৰ অধ্যক্ষ এম পি আহমেদে কয় যে, উত্তৰ-পূবত সাংস্কৃতিক আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে গুৱাহাটী মহানগৰীৰ বৰ্ধিত গুৰুত্বই ইয়াক ব্ৰেণ্ডটোৰ সম্প্ৰসাৰণৰ বাবে এক গুৰুত্বপূৰ্ণ বজাৰ কৰি তুলিছে। তেওঁ লগতে কয় যে, কোম্পানীটোৱে অসমত স্বচ্ছ মূল্য, প্ৰমাণিত গহণা আৰু বিশ্বমানৰ গ্ৰাহক সেৱা আগবঢ়োৱাৰ লক্ষ্য লৈছে।
গুৱাহাটী মহানগৰীৰ গ্ৰাহকসকলৰ মাজত ব্ৰেণ্ডেড আৰু প্ৰমাণিত গহণাৰ চাহিদা বৃদ্ধিৰ লগে লগে এই শুভাৰম্ভণিয়ে চহৰখনত সংগঠিত গহণাৰ খুচুৰা বিক্ৰী অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। মালাবাৰ গোল্ড এণ্ড ডায়মণ্ডছৰ দৰে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ প্ৰৱেশে উত্তৰ-পূবৰ গহণা বজাৰত গ্ৰাহকৰ আস্থা, নিযুক্তিৰ সুযোগ আৰু সামগ্ৰিক খুচুৰা বিকাশ বৃদ্ধি কৰাৰ লগতে প্ৰিমিয়াম গহণা খণ্ডত প্ৰতিযোগিতা তীব্ৰতৰ কৰিব পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *