ভি ডি সতীশনৰ নেতৃত্বত কেৰালাত নতুন অধ্যায়, মুখ্যমন্ত্ৰীসহ ২০ গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণ

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে সোমবাৰে শপত গ্ৰহণ কৰিলে কংগ্ৰেছ বিধায়িনী দলৰ নেতা ভি ডি সতীশনে। ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে জেষ্ঠ কংগ্ৰেছ নেতাগৰাকীক আনুষ্ঠানিকভাৱে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। ঈশ্বৰৰ নামত শপত লোৱা সতীশনৰ উপৰিও তেওঁৰ ২০ জনীয়া কেবিনেটৰ সদস্যসকলেও এই ভব্য অনুষ্ঠানত মন্ত্ৰী হিচাপে শপত লয়। মুখ্যমন্ত্ৰী সতীশনকে ধৰি এই নতুন কেবিনেটখনত মুঠ ১৪ গৰাকী নতুন মুখক স্থান দিয়া হৈছে। ২০০১ চনৰে পৰা পাৰাভুৰ সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে নিৰ্বাচিত হৈ অহা সতীশনে প্ৰথমবাৰৰ বাবে চৰকাৰৰ কোনো প্ৰশাসনিক পদ অলংকৃত কৰিছে। নতুন মন্ত্ৰীসভাখনত দুগৰাকী মহিলা আৰু অনুসূচিত জাতি সম্প্ৰদায়ৰ দুজন প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰা হৈছে।

কেবিনেটখনত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেশ চেন্নিথালা, কে মুৰুলীধৰণ, এ পি অনিল কুমাৰ আৰু কেপিচিচিৰ মুৰব্বী ছানী জোচেফৰ দৰে প্ৰভাৱশালী নেতাসকলে স্থান লাভ কৰাৰ বিপৰীতে সহযোগী দল আইইউএমএলৰ জ্যেষ্ঠ নেতা পি কে কুনহালিকুট্টী, আৰএছপিৰ শিবু বেবী জন আৰু কেৰালাম কংগ্ৰেছৰ মন্স জোচেফেও মন্ত্ৰীত্বৰ শপত গ্ৰহণ কৰে। সোমবাৰৰ এই শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ উপৰিও দেশৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন উপস্থিত থাকে। লক্ষণীয় যে, শেহতীয়াভাৱে সম্পন্ন হোৱা ১৪০ জনীয়া কেৰালাম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফ মিত্ৰজোঁটে ১০২খন আসনত অভিলেখ জয় সাব্যস্ত কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *