সম্পূৰ্ণ নতুন ২০২৬ টিভিএছ আপাচি আৰটিআৰ ১৬০ ৪ভি – ভাৰতৰ আটাইতকৈ শক্তিশালী ১৬০চিচি মটৰ চাইকেলখনে এতিয়া ভেৰিয়েণ্টত লাভ কৰিছে প্ৰজেক্টৰ হেডলেম্প

টিভিএছ মটৰ কোম্পানীয়ে প্ৰিমিয়াম ১৬০চিচি মটৰ চাইকেল শিতানত নিজৰ স্থান শক্তিশালী কৰিবলৈ বিভিন্ন শিতানত উন্নীতকৃত বৈশিষ্ট্য সন্নিৱিষ্ট কৰি সম্পূৰ্ণ নতুন ২০২৬ টিভিএছ আপাচি আৰটিআৰ ১৬০ ৪ভি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। উন্নীত পৰিসৰত এতিয়া অধিক ভিন্নতাত প্ৰজেক্টৰ হেডলেম্প, অল-এলইডি লাইটিং আৰু এছিষ্ট এণ্ড শ্লিপাৰ ক্লাছ প্ৰযুক্তি সন্নিৱিষ্ট কৰা হৈছে, যিয়ে সুৰক্ষা, নিশাৰ ভাগৰ দৃশ্যমানতা আৰু ৰাইডাৰ নিয়ন্ত্ৰণ বৃদ্ধি কৰিছে। কোম্পানীটোৱে বৰ্তমানৰ টপ-এণ্ড ট্ৰিমৰ সমান্তৰালভাৱে দুটা নতুন ভেৰিয়েণ্ট মুকলি কৰিছে, য’ত ইতিমধ্যে ইউএছডি ছাচপেনচন, টিএফটি ডিছপ্লে আৰু ট্ৰেকচন কণ্ট্ৰ’লৰ বৈশিষ্ট্য সন্নিৱিষ্ট কৰা হৈছে। মটৰ চাইকেলখনে শ্ৰেণীৰ ভিতৰতে শ্ৰেষ্ঠ ১৭.৫৫ পি এছ শক্তি প্ৰদান কৰিছে আৰু উন্নত ষ্টেবিলিটীৰ বাবে টিভিএছ স্মাৰ্ট ক্সনেক্ট সংযোগ আৰু ৰেডিয়েল টায়াৰৰ সৈতে ৩টা ৰাইড মোড—স্প’ৰ্ট, আৰ্বান আৰু ৰেইনৰ দৰে মূল বৈশিষ্ট্যসমূহ ধৰি ৰাখিছে।

মুকলি অনুষ্ঠানত বক্তব্য ৰাখি বিমল ছাম্বলীয়ে কয় যে এই উন্নীতকৰণে প্ৰদৰ্শন আৰু ৰাইডাৰ-কেন্দ্ৰিক উদ্ভাৱনৰ প্ৰতি ব্ৰেণ্ডটোৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।  “আমি সামগ্ৰীসমূহ সুলভ কৰি ৰাখি সুৰক্ষা, দৃশ্যমানতা আৰু নিয়ন্ত্ৰণ বৃদ্ধি কৰিছোঁ”, তেওঁ লগতে কয় যে, টিভিএছ আপাচি ৬.৫ মিলিয়নৰো অধিক ৰাইডাৰৰ এক বিশ্বজনীন আধাৰ গঢ়ি তুলিছে।

নতুন পৰিসৰৰ মূল্য ১,২৫,৪৪০ টকা(এক্স-শ্ব’ৰুম, দিল্লী)ৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে আপাচি আৰটিআৰ ছিৰিজৰ প্ৰাৰম্ভিক মূল্য ১,১২,১৯০ টকা। গুৱাহাটীত এই শুভাৰম্ভণিৰ ফলত ক্ৰমবৰ্ধমান প্ৰিমিয়াম বাহন শিতানত চাহিদা বৃদ্ধি পাব বুলি আশা কৰা হৈছে, য’ত যুৱ ৰাইডাৰসকলে ক্ৰমান্বয়ে ৰেচিং ডিএনএ আৰু উন্নত প্ৰযুক্তিৰে বৈশিষ্ট্য সমৃদ্ধ মটৰ চাইকেল বাছি লৈছে, যাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত টিভিএছ মটৰৰ পদচিহ্ন শক্তিশালী হ’ব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *