৩ লাখ জনতাৰ পৰামৰ্শৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে বিজেপিৰ সংকল্প পত্ৰঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ‘সংকল্প পত্ৰ’ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ ৩ লাখৰো অধিক লোকৰ পৰামৰ্শ। মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা সদৰী কৰি কয় যে জনসাধাৰণৰ সৈতে কৰা ব্যাপক আলোচনাৰ ভিত্তিতহে এই নিৰ্বাচনী ইস্তাহাৰ তৈয়াৰ কৰা হৈছে। ৰাজ্যখনৰ চুকে-কোণে থকা দলীয় কৰ্মীসকলে ঘৰে ঘৰে গৈ জনসাধাৰণৰ পৰা পৰামৰ্শ সংগ্ৰহ কৰাৰ পাছতহে এই গুৰুত্বপূৰ্ণ দস্তাবেজখনে চূড়ান্ত ৰূপ পাইছে।

অনাগত দিনত অসমক এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ বিজেপিয়ে উদ্যোগ, কৰ্মসংস্থাপন আৰু আন্তঃগাঁথনি উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে সোণোৱালে। বিশেষকৈ ২৭ হাজাৰ কোটি টকাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প আৰু ‘এডভান্টেজ আছাম’ৰ অধীনত ৫ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱে ৰাজ্যখনৰ অৰ্থনীতিত এক নতুন গতি প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। এই আঁচনিসমূহৰ জৰিয়তে অসমৰ যুৱক-যুৱতীসকলৰ বাবে সংস্থাপনৰ নতুন দুৱাৰ মুকলি হ’ব বুলিও তেওঁ মন্তব্য কৰে।

নিৰ্বাচনী ফলাফলৰ সন্দৰ্ভত আত্মবিশ্বাসী সোণোৱালে পুনৰ কয়, “মই বাৰে বাৰে কৈ আহিছোঁ যে মিত্ৰজোঁটৰ সৈতে আমি ১০০ খন আসনৰ ওচৰ চাপিছোঁ।” জনসাধাৰণৰ পৰামৰ্শ আৰু আস্থাৰ বাবেই বিজেপি চৰকাৰে তৃতীয়টো কাৰ্যকালৰ বাবে সাজু হৈছে বুলি তেওঁ দাবী কৰে। উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ চৰকাৰৰ এই জনমুখী পদক্ষেপসমূহে নিৰ্বাচনত ইতিবাচক প্ৰভাৱ পেলাব বুলি দলটোৱে দৃঢ়তাৰে বিশ্বাস কৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *