মালাবাৰ গোল্ড এণ্ড ডাইমণ্ডছৰ ২০০ কোটি টকাৰ চিএছআৰ পৰিকল্পনা উন্মোচন; ৩৩,০০০ ছাত্ৰীৰ বৃত্তি কাৰ্যসূচীৰ শুভাৰম্ভণি মন্ত্ৰী পীযুষ গোৱেলৰ

শিক্ষা, স্বাস্থ্যসেৱা আৰু সমাজ কল্যাণৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে মালাবাৰ গোল্ড এণ্ড ডাইমণ্ডছৰ ২০০ কোটি টকাৰ চিএছআৰ কাৰ্যসূচী হাতত লৈছে। কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে মঙলবাৰে ডাঃ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ২০২৬–২৭ বিত্তীয় বৰ্ষৰ বাবে চিএছআৰ কাৰ্যসূচীসমূহ আনুষ্ঠানিকভাৱে উন্মোচন কৰে। মন্ত্ৰীজনে সমগ্ৰ ভাৰতৰ ৩৩,০০০গৰাকী ছাত্ৰীক বৃত্তি প্ৰদান কাৰ্যসূচীৰো উদ্বোধন কৰে। এই পদক্ষেপক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বেটি বচাও, বেটি পঢ়াও দৃষ্টিভংগীৰ সৈতে সংৰেখিত বুলি অভিহিত কৰি গোৱেলে কয় যে, এই বিনিয়োগে মহিলা আৰু যুৱক-যুৱতীসকলৰ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি সামগ্ৰিক বিকাশ শক্তিশালী কৰিব। মন্ত্ৰীজনে শিক্ষাৰ্থীসকলক “ডাঙৰ সপোন” দেখিবলৈ আৰু ভাৰতৰ বিকাশৰ যাত্ৰাত অৰিহণা যোগাবলৈ আহ্বান জনায়।
মালাবাৰ গ্ৰুপৰ অধ্যক্ষ এম পি আহম্মদে কয় যে, মানৱ সম্পদ উন্নয়ন ৰাষ্ট্ৰীয় প্ৰগতিৰ মূল চাবিকাঠি, তেওঁ লগতে উল্লেখ কৰে যে, এই বৃত্তি কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক শৈক্ষিক সফলতা অৰ্জন কৰিবলৈ আৰু অৰ্থনীতিত অৰিহণা যোগাবলৈ সক্ষম কৰিব। ভাৰতৰ ১৯খন ৰাজ্যৰ ৩,০০০ স্থানত চিএছআৰ পৰিকল্পনা ৰূপায়ণ কৰা হ’ব, যাৰ ফলত ২ লাখৰো অধিক লোক উপকৃত হ’ব। মুঠ ব্যয়ৰ ভিতৰত ১১৪ কোটি শিক্ষাৰ বাবে, ৩০ কোটি খাদ্য বিতৰণৰ বাবে, ১৪.২ কোটি স্বাস্থ্যসেৱাৰ বাবে আৰু ২৫ কোটি ‘গ্ৰেণ্ডমা হোম’ৰ দৰে গৃহ নিৰ্মাণ প্ৰকল্পৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।
প্রথম এডুকেচন ফাউণ্ডেচনৰ সৈতে অংশীদাৰিত্বৰে পথৰ শিশুসকলৰ বাবেও বৰ্তমানৰ ১৫৪৩ টাৰ পৰা ২৫০০ টালৈ মাইক্ৰ’ লাৰ্নিং চেণ্টাৰৰ সম্প্ৰসাৰণ কৰিব। আৰম্ভণিৰ পৰা এতিয়ালৈকে মালাবাৰৰ চিএছআৰ পদক্ষেপে বিশ্বজুৰি ১৮ লাখতকৈ অধিক লোকক প্ৰভাৱিত কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *