দুই লাখ নিযুক্তি আৰু ২৫ হাজাৰ টকীয়া সাহায্যৰ প্ৰতিশ্ৰুতিঃ বজালীত নিৰ্বাচনী ৰণশিঙা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

হিতাধিকাৰীৰ ৰাজনীতিৰে সমাগত বিধানসভা নিৰ্বাচনৰ জেওৰা পাৰ কৰাৰ কুচকাৱাজ ৰচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বজালী জিলাৰ ভৱানীপুৰ-সৰভোগ সমষ্টিত এখন বিশাল নিৰ্বাচনী জনসভাত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুৱক-যুৱতী আৰু মহিলাৰ বাবে ঘোষণা কৰে কেইবাখনো আকৰ্ষণীয় আঁচনি। ৰাজ্যত আগন্তুক নিৰ্বাচনৰ ৰণশিঙা বাজি উঠাৰ সময়তে বিজেপিৰ এই হাই-ভল্টেজ প্ৰচাৰ অভিযানে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

বিজেপি প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসৰ সমৰ্থনত আয়োজিত ‘জন আশীৰ্বাদ যাত্ৰা’ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে পুনৰ ক্ষমতালৈ আহিলে চৰকাৰে দুই লাখ শিক্ষিত নিবনুৱাক সংস্থাপনৰ সুযোগ দিব। ইতিপূৰ্বে ১.৫ লাখ চাকৰি স্বচ্ছতাৰে প্ৰদান কৰা বুলি দাবী কৰি তেওঁ কংগ্ৰেছৰ শাসনকালৰ দুৰ্নীতিৰ বিৰুদ্ধেও তীব্ৰ আক্ৰমণ চলায়। যোগ্যতাক অগ্ৰাধিকাৰ দি মেধাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখাৰো তেওঁ দৃঢ় সংকল্প প্ৰকাশ কৰে।

কেৱল নিযুক্তি নহয়, মহিলা ভোটাৰক আকৰ্ষিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান’ৰ অধীনত ২৫ হাজাৰ টকাকৈ সাহায্য দিয়াৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে। বৰ্তমানৰ ১০ হাজাৰ টকাৰ অনুদান পৰৱৰ্তী কাৰ্যকালত বৃদ্ধি কৰা হ’ব বুলি জনোৱাৰ লগতে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত লোকসকলকো সামৰি লোৱাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ উপৰি ভৱানীপুৰত এখন উৰণীয়া সেতু নিৰ্মাণ আৰু সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বিষয়টো তেওঁৰ ভাষণত বিশেষভাৱে স্থান পায়।

সত্ৰৰ ১.৫ লাখ বিঘা ভূমি ইতিমধ্যে উদ্ধাৰ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আগন্তুক সময়ত আৰু ৫০০ বিঘা ভূমি মুকলি কৰাৰ কথা ঘোষণা কৰে। সমষ্টিটোত বিজেপিৰ ঐতিহাসিক জয় নিশ্চিত বুলি দাবী কৰি শৰ্মাই কয় যে চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি জনসাধাৰণৰ পূৰ্ণ সমৰ্থন আছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বজালীত বিজেপিৰ এই তৎপৰতাই সমষ্টিটোৰ ৰাজনৈতিক সমীকৰণ অধিক আমোদজনক কৰি তুলিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *