অসম বিধানসভা নিৰ্বাচনৰ ৰণভেৰী বজাৰ লগে লগে গেৰুৱা শিবিৰত এতিয়া দেখিবলৈ পোৱা গৈছে ব্যাপক তৎপৰতা। অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ১২৬ টা সমষ্টিৰ যুদ্ধ জয়ৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টিয়ে আজি ৪০ গৰাকী ষ্টাৰ কেম্পেইনাৰৰ এখন শক্তিশালী তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। এই তালিকাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈকে কেইবাজনো শীৰ্ষ পৰ্যায়ৰ ৰাষ্ট্ৰীয় নেতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত তিনিদিনীয়াকৈ মাৰাথান প্ৰচাৰ চলাব। ১, ৫ আৰু ৬ এপ্ৰিলত তেওঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ২৯ মাৰ্চ, ২ এপ্ৰিল আৰু ৭ এপ্ৰিলত অসমত উপস্থিত থাকি দলীয় প্ৰাৰ্থীৰ হৈ ভোট ভিক্ষা কৰিব। দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকো ২৯ আৰু ৩০ মাৰ্চত প্ৰচাৰ অভিযানত দেখিবলৈ পোৱা যাব।
বিজেপিৰ এই হাই-প্ৰফাইল তালিকাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নীতিন গাডকাৰী, জে পি নাড্ডা আৰু স্মৃতি ইৰাণীৰ দৰে হেভিৱেট নেতাসকলৰ নামো আছে। ইয়াৰ উপৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যিক কেবিনেটৰ কেইবাজনো সতীৰ্থই এই তালিকাৰ জৰিয়তে নিৰ্বাচনী যুঁজত নামিব।
নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যিক বিজেপিয়ে বাজপেয়ী ভৱনৰ পৰা ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কেইবাজনো কেন্দ্ৰীয় নেতাই ইতিমধ্যে অসমত উপস্থিত হৈ প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছে। ৯ এপ্ৰিলৰ অগ্নিপৰীক্ষাৰ পূৰ্বে ষ্টাৰ কেম্পেইনাৰসকলৰ এই বিশাল বাহিনীয়ে নিৰ্বাচনী বতাহ কিমান দূৰ নিজৰ সপক্ষে ৰাখিব পাৰে, সেয়া এতিয়া লক্ষণীয় হৈ পৰিব।
