জালুকবাৰী বিধানসভা সমষ্টিত ৰাইজক এশ শতাংশ ভোটদানৰ আহ্বান আৰ এছ এছ আৰু লোক জাগৰণ মঞ্চৰ প্ৰস্তুতি সম্পৰ্কীয় সভা

অসম বিধানসভাৰ সমাগত সাধাৰণ নিৰ্বাচনত  ৰাষ্ট্ৰ হিতৰ স্বাৰ্থত ৰাইজক এশ শতাংশ ভোটদান কৰাৰ আহ্বান জনাইছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ( আৰ এছ এছ) আৰু লোক জাগৰণ মঞ্চই  ৷ নিৰ্বাচনত ৰাজ্যৰ ভোটাৰ সকলে এশ শতাংশ ভোটদান কৰি ৰাষ্ট্ৰ নিৰ্মাণত সকলোকে অংশীদাৰ হ’বলৈ আৰ এছ এছ আৰু লোক জাগৰণ মঞ্চই ৰাজ্যৰ সকলো ভোটাৰ ৰাইজক নিৰ্বাচনৰ দিন বাৰ ঘোষণা কৰাৰ পাছৰে পৰা আহ্বান জনাই আহিছে। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰ এছ এছৰ গুৱাহাটী শাখাৰ উদ্যোগত আৰু লোক জাগৰণ মঞ্চৰ গুৱাহাটী শাখাৰ সহযোগত আজাৰা ৰাজহুৱা সভাঘৰ প্ৰাংগণত জালুকবাৰী সমষ্টিবাসী ৰাইজক এশ শতাংশ ভোটদানৰ আহ্বানৰে প্ৰস্তুতি সম্পৰ্কীয় এখন  সভা অনুষ্ঠিত হয়।

সভাত আৰ এছ এছৰ গুৱাহাটী শাখাৰ  সহ প্ৰমুখ প্ৰতিভা টেৰণপী, জালুকবাৰী সমষ্টিৰ সহ প্ৰমুখ ৰাজীব কলিতা আৰু বলেশ্বৰ ৰংপী, ২ নং দীপৰ বিল জিলা পৰিষদৰ প্রমুখ চন্দন ৰাজবংশীৰ উপৰিও অনুপম বুঢ়াগোহাঁই , নিতুল দাস , জিতু মেধি, সংগীতা দাস, খগেন ইংতিকে ধৰি আৰ এছ এছ আৰু লোক জাগৰণ মঞ্চৰ কেবাজনো নেতাই ভাষণ প্ৰসংগত  ৰাজ্যৰ আন আন বিধানসভা সমষ্টিৰ দৰে নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ ৰাইজেও অহা ৯ এপ্ৰিল নিৰ্বাচনৰ  দিনা যাতে হিল দল ভাঙি এশ শতাংশ হাৰত ভোটদান কৰাটো নিশ্চিত কৰে তাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে কৰ্মসূচী গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়।

ভাষণত কেবাজনো  বক্তাই  তথ্য সহকাৰে খিলঞ্জীয়া জনগোষ্ঠীৰ লোকৰ ভোটদানৰ হাৰ উদ্বেগজনক ভাবে কমি যোৱা বাবে পূৰ্বতে বহু সময়ত অসমত খিলঞ্জীয়া বিৰোধী চৰকাৰ গঠন হোৱা বুলিও সদৰি কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *