বৈশ্বিক যোগাযোগ মঞ্চ ট্ৰুকলাৰে ভাৰতত পৰিয়াল সুৰক্ষা আৰম্ভ কৰিছে, যাৰ অধীনত ব্যৱহাৰকাৰীসকলক ডিজিটেল এৰেষ্ট, ছদ্মবেশী জালিয়াতি আৰু এআই ভইচ ক্লোনিঙৰ দৰে ডিজিটেল কেলেংকাৰীৰ ক্ৰমবৰ্ধমান ভাবুকিৰ পৰা ব্যৱহাৰকাৰীক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে এক নতুন গৃহ-কেন্দ্ৰিক সুৰক্ষা বৈশিষ্ট্য মুকলি কৰিছে। এই শুভাৰম্ভণিয়ে প্ৰতিষ্ঠানটোৰ কৌশলত মৌলিক ফোনকলৰ চিনাক্তকৰণৰ পৰা পৰিয়ালসমূহৰ বাবে সক্ৰিয় সুৰক্ষালৈ এক পৰিৱৰ্তন ঘটাইছে। এই বৈশিষ্ট্যই পাঁচজনলৈকে “চেফটি চাৰ্কল” সৃষ্টি কৰে, যি বিশ্বজুৰি ৪৫০ মিলিয়নতকৈ অধিক ব্যৱহাৰকাৰীৰ সামূহিক বুদ্ধিমত্তাৰ দ্বাৰা চালিত। ছুইডেন, চিলি, মালয়েছিয়া আৰু কেনিয়াকে ধৰি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বজাৰত সফল নিয়োগৰ পিছতে ভাৰতত এই পদক্ষেপ মুকলি কৰা হৈছে।
পৰিয়াল সুৰক্ষাই ডিজিটেলভাৱে সচেতন পৰিয়ালৰ সদস্যক—যাক ঘৰৰ “চিটিঅ’” (মুখ্য প্ৰযুক্তি বিষয়া) বুলি কোৱা হয়—আত্মীয়সকলৰ ডিজিটেল সুৰক্ষা পৰিচালনা কৰিবলৈ অনুমতি দিয়ে। চিষ্টেমে বাস্তৱ সময়ৰ জালিয়াতি সতৰ্কবাণী আৰু এক দূৰৱৰ্তী কল হেং-আপ বৈশিষ্ট্য প্ৰদান কৰে, যিয়ে যিকোনো গোটৰ সদস্যৰ বাবে সন্দেহজনক কলসমূহ তৎক্ষণাত শেষ কৰিবলৈ সক্ষম কৰে। ইয়াৰ উপৰিও ইয়াত শ্বেয়াৰ কৰা ব্লক তালিকা, কাষ্টমাইজেবল সুৰক্ষা স্তৰ আৰু এণ্ড্ৰইড আৰু আইঅ’এছ দুয়োটা ডিভাইচতে মোবাইল সুৰক্ষা ছেটিংছ নিৰীক্ষণ কৰিবলৈ এক ডেশ্বব’ৰ্ড অন্তৰ্ভুক্ত কৰা হৈছে। এই সেৱাৰ ব্যৱহাৰ বিনামূলীয়া, আনহাতে প্ৰিমিয়াম ফেমিলী প্লেন বাচনি কৰা ব্যৱহাৰকাৰীসকলে উন্নত সুৰক্ষা বৈশিষ্ট্যৰ বিস্তৃত সোপান লাভ কৰে।
“কোনে ফোন কৰিছে কেৱল জনাটোৱেই এতিয়া যথেষ্ট নহয়। আজিৰ সময়ত প্ৰকৃত প্ৰশ্নটো হ’ল ফোনকলটো উত্তৰ দিবলৈ নিৰাপদ নে”, ঋষি টি ঝুনঝুনৱালাই কয়। তেওঁ লগতে কয় যে এই নতুন বৈশিষ্ট্যই ডিজিটেলভাৱে সচেতন পৰিয়ালৰ সদস্যসকলক নিজৰ নিজৰ পৰিয়ালৰ বাবে সুৰক্ষা প্ৰাচীৰ হিচাপে কাম কৰিবলৈ সক্ষম কৰে কাৰণ কেলেংকাৰীসমূহ ক্ৰমান্বয়ে অত্যাধুনিক আৰু আৱেগিকভাৱে হেতালি খেলা ধৰণৰ হৈ পৰিছে। গুৱাহাটীকে ধৰি সমগ্ৰ অসম তথা বহল উত্তৰ-পূৰ্বাঞ্চলত স্মাৰ্টফোনৰ ব্যৱহাৰ আৰু ডিজিটেল লেনদেন বৃদ্ধি পোৱাৰ লগে লগে এই শুভাৰম্ভণিৰ প্ৰাসংগিকতা শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটীৰ বজাৰত প্ৰযুক্তি খণ্ডৰ খুচুৰা বিক্ৰেতা আৰু মোবাইল সেৱা প্ৰদানকাৰীসকলে লক্ষ্য কৰিছে যে অনলাইন জালিয়াতিৰ ক্ৰমাৎ বৰ্ধিত ঘটনাপ্ৰবাহে মোবাইল সুৰক্ষা সঁজুলিৰ বিষয়ে গ্ৰাহকৰ সজাগতা বৃদ্ধি কৰিছে, যাৰ ফলত পৰিয়ালকেন্দ্ৰিক ডিজিটেল সুৰক্ষা সমাধানসমূহ চহৰীয়া পৰিয়ালসমূহৰ বাবে ক্ৰমান্বয়ে প্ৰাসংগিক হৈ পৰিছে
