ডাউ জ’নছ বেষ্ট-ইন-ক্লাছ ছাষ্টেনেবিলিটি ইণ্ডেক্স ২০২৫ৰ শীৰ্ষত গোড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে (জিচিপিএল) ডাউ জ’নছ বেষ্ট-ইন-ক্লাছ ছেষ্টেইনেবিলিটি ইণ্ডেক্স ২০২৫ত বিশ্বৰ ১ নম্বৰ বহনক্ষম এফএমচিজি কোম্পানী হিচাপে স্থান লাভ কৰিছে, যাৰ ফলত প্ৰথমবাৰলৈ কোম্পানীটোৱে প্ৰতিষ্ঠিত মানদণ্ডত শীৰ্ষ বৈশ্বিক স্থান লাভ কৰিছে। বিশ্বজুৰি ৩৫০০ৰো অধিক প্ৰতিষ্ঠানক মূল্যায়ন কৰা এছএণ্ডপি গ্লবেলৰ কৰ্পৰেট ছাষ্টেনেবিলিটি এচেছমেণ্ট (চিএছএ)ত ব্যক্তিগত সামগ্ৰীৰ শাখাত প্ৰতিষ্ঠানটোৱে ১০০ৰ ভিতৰত ৮৯ নম্বৰ লাভ কৰিছে। এই মূল্যায়নে নিৰ্গমন হ্ৰাস, বহনক্ষম উৎস, পেকেজিং ব্যৱস্থাপনা, জল পৰিচালনা, শ্ৰম পদ্ধতি আৰু পণ্যৰ জীৱনচক্ৰ ব্যৱস্থাপনাকে ধৰি পৰিৱেশ, সামাজিক আৰু প্ৰশাসন (ইএছজি) পৰিমাপসমূহৰ মাজেৰে কৰ্মক্ষমতা পৰিমাপ কৰিব পাৰে।

এই স্বীকৃতিয়ে জিচিপিএলৰ বাবেও এক মাইলৰ খুঁটিৰ বৰ্ষ হিচাপে চিহ্নিত কৰিছে কাৰণ ই এছএণ্ডপি গ্লবেল চিএছএত অংশগ্ৰহণ একেৰাহে ১০ বছৰ সম্পূৰ্ণ কৰিছে, যিয়ে কোম্পানীটোৰ বহনক্ষমতা, স্বচ্ছতা আৰু নিৰন্তৰ উন্নতিৰ প্ৰতি দীৰ্ঘম্যাদী দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। জিচিপিএল-ৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া সুধীৰ সীতাপতিয়ে এই বিষয়ে কয় যে, “এই বিশ্বব্যাপী স্বীকৃতি প্ৰতিষ্ঠানটোৰ বাবে এক নিৰ্ণায়ক মাইলৰ খুঁটি আছিল। উদীয়মান বজাৰসমূহৰ গ্ৰাহকৰ ওচৰলৈ স্বাস্থ্য আৰু সৌন্দৰ্যৰ কল্যাণ-প্ৰভাৱ অনাৰ আমাৰ উদ্দেশ্যত বহনক্ষমতা গভীৰভাৱে নিহিত হৈ আছে। এই স্বীকৃতিয়ে সেউজ সামগ্ৰী, জলবায়ুৰ কাৰ্য-কলাপ, জল ইতিবাচকতা আৰু শক্তিৰ কাৰ্যক্ষমতাৰ ক্ষেত্ৰত আমাৰ অগ্ৰগতি প্ৰতিফলিত কৰে।”

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ বহনক্ষমতা আৰু চিএছআৰ শাখাৰ মুৰব্বী পাকজান দস্তুৰে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, এই স্বীকৃতিয়ে প্ৰতিষ্ঠানটোৰ গুড এণ্ড গ্ৰীন দৰ্শনৰ অধীনত এক দশকৰ শৃংখলাবদ্ধ প্ৰচেষ্টাক প্ৰতিফলিত কৰে, যিয়ে নিৰ্গমন হ্ৰাস, বহনক্ষম উৎস আৰু আৱৰ্জনা ব্যৱস্থাপনাক মূল ব্যৱসায়িক কাৰ্য-কলাপৰ সৈতে একত্ৰিত কৰে। বহনক্ষমতাকেন্দ্ৰিক এফএমচিজিৰ সামগ্ৰীয়ে অসমৰ নগৰীয়া গ্ৰাহকৰ মাজত ক্ৰমান্বয়ে আকৰ্ষণ লাভ কৰিছে। খুচুৰা বিক্ৰেতাসকলে কয় যে, কম বয়সীয়া ক্ৰেতাসকলৰ মাজত বহনক্ষম ব্যৱহাৰৰ বিষয়ে সজাগতা বৃদ্ধিৰ লগে লগে বিশেষকৈ ব্যক্তিগত যত্ন আৰু ঘৰুৱা সামগ্ৰীৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰতি দায়বদ্ধ ব্ৰেণ্ডৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *