বিৰোধীৰ ঐক্যত নতুন মোৰ; মিত্ৰজোঁটৰ দায়িত্বৰ পৰা গৌৰৱ গগৈক অব্যাহতি দি ভূপেন বৰাক দায়িত্ব অৰ্পণ কংগ্ৰেছৰ

অসম বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতিৰ মাজতে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ৰাজ্যিক কংগ্ৰেছৰ সাংগঠনিক দায়িত্বত এক গুৰুত্বপূৰ্ণ সালসলনি কৰে। লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈক মিত্ৰজোঁটৰ সমন্বয়ৰ দায়িত্বৰ পৰা অব্যাহতি দি দলৰ শীৰ্ষ নেতৃত্বই এই দায়িত্ব অৰ্পণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাক। ২০২৬ চনৰ নিৰ্বাচনৰ বাবে বিৰোধী ঐক্য গঢ়ি তোলাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে কংগ্ৰেছ হাইকামাণ্ডৰ এই সিদ্ধান্তই ৰাজনৈতিক মহলত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে।

এআইচিচিৰ এই সিদ্ধান্তৰ পাছতে ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। গৌৰৱ গগৈৰ তুলনাত ভূপেন বৰাক ৰাজনৈতিকভাৱে অধিক ‘ব্যৱহাৰিক’ বুলি অভিহিত কৰি তেওঁ কয়, “গৌৰৱ গগৈতকৈ ভূপেন বৰা ৰাজনৈতিকভাৱে অধিক প্ৰেক্টিকেল।” অখিল গগৈৰ এই মন্তব্যই মিত্ৰজোঁটৰ ভিতৰচ’ৰাত নতুন সমীকৰণৰ ইংগিত দিয়াৰ লগতে কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়টোক লৈও চৰ্চা বৃদ্ধি কৰিছে।

ইফালে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও মিত্ৰজোঁটৰ আলোচনাৰ লেহেমীয়া গতিত অসন্তুষ্টি প্ৰকাশ কৰি এসপ্তাহৰ সময়সীমা বান্ধি দিছে।

অৱশ্যে দলৰ ভিতৰত কোনো ধৰণৰ সংঘাত থকাৰ কথা অস্বীকাৰ কৰিছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙে। তেওঁ সংবাদ মাধ্যমৰ আগত কয়, “অখিল গগৈয়ে মিত্ৰজোঁটৰ আলোচনাত অধিক লাভ আদায় কৰিবলৈহে এনেধৰণৰ ব্যংগাত্মক আৰু উচটনিমূলক মন্তব্য কৰিছে।” সিঙে স্পষ্ট কৰি দিয়ে যে যিহেতু ভূপেন বৰা সংশ্লিষ্ট কমিটিৰ অধ্যক্ষ আছিল, সেয়েহে তেওঁৰ কান্ধত এই দায়িত্ব অৰ্পণ কৰাটো এক স্বাভাৱিক প্ৰক্ৰিয়া।

গৌৰৱ গগৈয়ে দায়িত্বৰ বিকেন্দ্ৰীকৰণ আৰু সামূহিক নেতৃত্বত বিশ্বাস কৰে বুলি উল্লেখ কৰি মুখপাত্ৰগৰাকীয়ে কয় যে গৌৰৱ গগৈয়ে বিচাৰে যাতে ভূপেন বৰা, প্ৰদ্যুত বৰদলৈ, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন আৰু মীৰা বৰঠাকুৰৰ দৰে জ্যেষ্ঠ নেতাসকল ক্ষমতাশালী হওক। ২০২৬ চনৰ নিৰ্বাচনত দলটোৱে একত্ৰিতভাৱে যুঁজ দিব বুলি উল্লেখ কৰি তেওঁ লগতে অভিযোগ কৰে যে বিৰোধীৰ মাজত ‘কাল্পনিক বিবাদ’ৰ সৃষ্টি কৰিবলৈ বিজেপিয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *