সুদখোৰৰ মানসিক যন্ত্ৰণা সহ্য কৰিব নোৱাৰি বিদ্যালয়তে চৰম সিদ্ধান্ত প্ৰধান শিক্ষকৰ!

ৰাজ্যজুৰি সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা কঠোৰ অভিযানৰ মাজতে সুদখোৰৰ মানসিক হাৰাশাস্তিৰ বলি হৈ নিজৰ কাৰ্যালয়ৰ ভিতৰতে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকী প্ৰধান শিক্ষকে। বাক্সা জিলাৰ বেলগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাধন বৰ্মনৰ ওলমি থকা মৃতদেহ বুধবাৰে বিদ্যালয়তে উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অৱসৰলৈ মাত্ৰ দুবছৰ বাকী থকা শিক্ষকজনে মৃত্যুৰ পূৰ্বে লিখি থৈ যোৱা এখন চুইচাইড নোটত দুলু মেধি নামৰ এজন সুদখোৰক এই চৰম পন্থা লোৱাৰ বাবে পোনপটীয়াকৈ জগৰীয়া কৰিছে।

চুইচাইড নোটত উল্লেখ থকা মতে, পিতৃ-পত্নীৰ চিকিৎসাৰ বাবে শিক্ষকজনে দুলু মেধিৰ পৰা ১ লাখ টকা সুতত লৈছিল আৰু তাৰে ৪০ হাজাৰ টকা ইতিমধ্যে ঘূৰাই দিছিল। কিন্তু সুদখোৰ মেধিয়ে এখন উকা চেকৰ অপব্যৱহাৰ কৰি ৫ লাখ ৩০ হাজাৰ টকাৰ দাবীত আদালতত গোচৰ তৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। উক্ত গোচৰৰ ভিত্তিত মঙলবাৰে শিমলাগুৰি আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিবলৈ যোৱাৰ পাছতে অপমানিত হৈ শিক্ষকজনে আত্মহত্যা কৰে।

মৃত সাধন বৰ্মনৰ পুত্ৰ আৰু আত্মীয়সকলে জানিবলৈ দিয়া মতে, ২৭ বছৰ ভেঞ্চাৰ স্কুলত অতি কষ্টৰে পৰিয়াল পোহপাল দি অহা শিক্ষকজনক দুলু মেধিয়ে দীৰ্ঘদিন ধৰি মানসিক নিৰ্যাতন চলাই আহিছিল। আনকি আদালতকো ভুল তথ্য দি দালালে কিদৰে এজন চৰকাৰী কৰ্মচাৰীক চৰম পথ বাছি ল’বলৈ বাধ্য কৰিলে, সেয়া এতিয়া তদন্তৰ বিষয় হৈ পৰিছে। এই ঘটনাই ৰাজ্যত সুদখোৰৰ দৌৰাত্ম্য আজিও কিদৰে চলি আছে তাক পুনৰ স্পষ্ট কৰি দিছে। ইতিমধ্যে আক্ৰাছুকে ধৰি বিভিন্ন দল-সংগঠনে এই জঘন্য কাণ্ডৰ উচিত তদন্ত আৰু দোষীক কৰায়ত্ত কৰিবলৈ চৰকাৰক দাবী জনাইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *