উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ ব্যৱস্থাত নতুন দিগন্তঃ শিলিগুৰি-গুৱাহাটী হাইস্পীড কৰিডৰ প্ৰস্তাৱ

কেন্দ্ৰীয় চৰকাৰে শিলিগুৰিৰ পৰা গুৱাহাটীলৈ নিৰ্মাণ কৰিব উচ্চ গতিৰ প্ৰৱেশ নিয়ন্ত্ৰিত কৰিডৰ, যাৰ উদ্দেশ্য উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত আৰু বাণিজ্যিক সংযোগ ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তন অনোৱা। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাজ্যসভাৰ প্রশ্নোত্তৰ কালত এই প্ৰকল্পৰ বিষয়ে উল্লেখ কৰে। প্ৰায় ৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰে দেশৰ মূল ভূখণ্ড আৰু উত্তৰ-পূবৰ মাজত যোগাযোগ ক্ষিপ্ৰ কৰি তুলিব। বৰ্তমান প্ৰকল্পটি প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু বিস্তাৰিত প্ৰকল্প প্ৰতিবেদনৰ বাবে পৰামৰ্শদাতা নিয়োগ কৰা হৈছে। চলিত বৰ্ষৰ ভিতৰত ডি পি আৰ সাজু হৈ উঠাৰ সম্ভাৱনা আছে, আৰু এই প্ৰতিবেদন সম্পূৰ্ণ হোৱাৰ পিছতে চৰকাৰে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। এই নতুন কৰিডৰ দ্ৰুত ভ্ৰমণৰ সৈতে সামগ্ৰী পৰিবহণৰ ব্যয়ো কমোৱাৰ আশা প্ৰকাশ কৰা হৈছে, সেইদৰে চিকেন নেক কৰিডৰৰ ওপৰত থকা হেঁচা হ্ৰাস কৰি উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতিত নতুন গতি আনিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *