উধামপুৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুই জৈছ সন্ত্ৰাসবাদী; জফৰ বনাঞ্চলত চলা সংঘৰ্ষত উদ্ধাৰ মাৰাত্মক অস্ত্ৰ-শস্ত্ৰ

সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলা তীব্ৰ অভিযানৰ মাজতে জম্মু-কাশ্মীৰৰ উধামপুৰত বুধবাৰে নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হ’ল পাকিস্তানভিত্তিক সংগঠন জৈছ-ই-মহম্মদৰ দুজন দুধৰ্ষ কমাণ্ডাৰ। জিলাখনৰ ৰামনগৰ অঞ্চলৰ জফৰ বনাঞ্চলত ভাৰতীয় সেনা, চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যুটীয়াভাৱে এই সন্ত্ৰাসবাদ বিৰোধী অভিযান চলায়।অপাৰেশ্যন কিয়াৰ জৰিয়তে চলোৱা এই নিৰ্মূল অভিযানত সন্ত্ৰাসবাদীৰ কৱলৰ পৰা এটা এ কে ৪৭ ৰাইফল আৰু এটা এম-৪ কাৰ্বাইন উদ্ধাৰ কৰিছে নিৰাপত্তাবাহিনীয়ে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, নিহত সন্ত্ৰাসবাদী দুজন জৈশ কমাণ্ডাৰ মাভি আৰু জুবেৰ বুলি চিনাক্ত কৰে। মঙলবাৰে বিয়লি প্ৰায় ৪ বজাত জফৰ বনাঞ্চলৰ এটা প্ৰাকৃতিক গুহাত সন্ত্ৰাসবাদী দুজনে আশ্ৰয় লৈ থকাৰ খবৰ পাই নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে। ইয়াৰ পাছতে দুয়োপক্ষৰ মাজত প্ৰায় এঘণ্টাৰো অধিক সময় ধৰি গুলীয়াগুলি চলে। নিশাৰ আন্ধাৰৰ সুযোগ লৈ সন্ত্ৰাসবাদী কেইজনে পলায়নৰ চেষ্টা চলাইছিল যদিও সেনাৰ পেৰাট্ৰুপাৰ আৰু ডগ স্কোৱাডৰ সহায়ত তেওঁলোকক আবদ্ধ কৰি ৰাখে।

বুধবাৰে পুৱা নিৰাপত্তাৰক্ষীয়ে চূড়ান্ত আক্ৰমণ আৰম্ভ কৰে আৰু দুয়োগৰাকী সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ সক্ষম হয়। নিৰাপত্তা বিষয়াসকলে জনোৱা মতে, চোৰাংচোৱাৰ নিৰ্দিষ্ট তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল আৰু ই বিভাগীয় সমন্বয়ৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। বৰ্তমানো উক্ত বনাঞ্চলত নিৰাপত্তাৰক্ষীয়ে তীব্ৰ তালাচী অভিযান অব্যাহত ৰাখিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *