মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ আগবঢ়োৱা সাম্প্ৰদায়িক আৰু বিভাজনমুখী মন্তব্যৰ বিৰুদ্ধে এতিয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জমিয়ত ওলেমা-ই-হিন্দ। সংস্থাটোৰ অধ্যক্ষ মৌলানা মাহমুদ মাদানিয়ে দাখিল কৰা এক আবেদনত সাংবিধানিক পদবীত থকা ব্যক্তিসকলৰ বাবে কঠোৰ নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ আদালতক আহ্বান জনোৱা হৈছে। ৰাজহুৱা কাৰ্যালয়ৰ অপব্যৱহাৰ কৰি কোনো বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাত বাধা দিবলৈ জমিয়তে এই আইনী যুঁজ আৰম্ভ কৰিছে। বিগত ২৭ জানুৱাৰীত এটা ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে মিঞা ভোটাৰক ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা সম্পৰ্কীয় যি বিতৰ্কিত মন্তব্য কৰিছিল, তাক লৈ জমিয়তে তীব্ৰ আপত্তি ব্যক্ত কৰে। আবেদনখনত উল্লেখ কৰা হৈছে যে এয়া কেৱল এক ৰাজনৈতিক বক্তব্য নহয়, বৰঞ্চ এক সমগ্ৰ গোটক কলংকিত কৰাৰ এক উদ্দেশ্যপ্ৰণোদিত প্ৰচেষ্টা। জমিয়তৰ মতে, এনে মন্তব্যই ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষতা, ভাতৃত্ববোধ আৰু মানৱীয় মৰ্যাদাৰ দৰে মূল নীতিসমূহ উলংঘা কৰে।
উচ্চতম ন্যায়ালয়ত চলি থকা ১২৬৫/২০২১ নম্বৰৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ অংশ হিচাপে এই নতুন আবেদনখন অন্তৰ্ভুক্ত কৰা হৈছে। ঘৃণা ভাষণ ৰোধ কৰিবলৈ আদালতৰ পূৰ্বৰ নিৰ্দেশনা থকা সত্ত্বেও এনে ধৰণৰ কাৰ্য অব্যাহত থকাত জমিয়তে উদ্বেগ প্ৰকাশ কৰে। সংস্থাটোৱে দাবী জনাইছে যে বাক-স্বাধীনতাৰ নামত কোনো জনপ্ৰতিনিধিয়ে এখন দেশৰ সাংবিধানিক আইনৰ উৰ্ধত থাকি ঘৃণা বিয়পাব নোৱাৰে।
