বাংলাদেশী মাছৰ বিৰুদ্ধে মেঘালয়ত কঠোৰ নিষেধাজ্ঞাঃ দুখন জিলাত নিৰ্দেশনা জাৰি

বাংলাদেশৰ পৰা অবৈধভাৱে আমদানি কৰা মাছে মেঘালয়ৰ জনস্বাস্থ্য আৰু জৈৱ-সুৰক্ষাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ দুখনকৈ জিলাত তেনে মাছৰ বিক্ৰী আৰু পৰিবহণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। সীমান্তৰ উন্মুক্ত পথেৰে অনিয়ন্ত্ৰিতভাৱে সোমাই অহা মাছৰ চালানে স্থানীয় বজাৰ দখল কৰাৰ পাছতে সোমবাৰে পূব খাচী পাহাৰ আৰু দক্ষিণ-পশ্চিম খাচী পাহাৰ জিলা প্ৰশাসনে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। কোনো ধৰণৰ বৈধ নথি-পত্ৰ নোহোৱাকৈ চুবুৰীয়া দেশখনৰ পৰা অহা এই মাছসমূহে জনস্বাস্থ্যৰ বাবে মাৰাত্মক বিপদ মাতি আনিব পাৰে বুলি প্ৰশাসনে আশংকা প্ৰকাশ কৰিছে।

পূব খাচী পাহাৰ জিলাৰ ভাৰপ্ৰাপ্ত জিলা দণ্ডাধীশে এক নিষেধাজ্ঞা জাৰি কৰি কয়, “বৈধ নথি অবিহনে বাংলাদেশৰ পৰা অবৈধভাৱে আমদানি কৰা মাছৰ পৰিবহণ, মজুতকৰণ, বিক্ৰী বা বিতৰণ এই জিলাৰ এলেকাৰ ভিতৰত নিষিদ্ধ কৰা হৈছে।” একেধৰণৰ নিৰ্দেশনা দক্ষিণ-পশ্চিম খাচী পাহাৰ জিলাৰ উপায়ুক্তয়ো জাৰি কৰে। এই নিৰ্দেশ অনুসৰি, এনে অবৈধ কাৰ্যত ব্যৱহৃত যিকোনো বাহন বা নাও জব্দ কৰাৰ লগতে জড়িত ব্যক্তিক আশ্ৰয় দিয়াটোও দণ্ডনীয় অপৰাধ হিচাপে গণ্য কৰা হ’ব। প্ৰশাসনৰ মতে, বিভিন্ন সীমান্ত পথ আৰু নদী পথেৰে অহা এই অনিয়ন্ত্ৰিত মাছসমূহে খাদ্য সুৰক্ষা আৰু আমদানি-ৰপ্তানিৰ নিয়ম উলংঘা কৰাৰ লগতে ৰোগাক্ৰান্ত বা নিষিদ্ধ প্ৰজাতিৰ মাছ স্থানীয় পৰিৱেশত প্ৰৱেশ কৰোৱাৰ সম্ভাৱনা থাকে। নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, “প্ৰমাণপত্ৰবিহীন এই বিদেশী মাছৰ বিক্ৰীয়ে কেৱল জনস্বাস্থ্যৰ বাবে বিপদে নহয়, বৰঞ্চ স্থানীয় জলজ পৰিৱেশ আৰু বৈধ মাছ ব্যৱসায়ীসকলৰো ব্যাপক অৰ্থনৈতিক ক্ষতি সাধন কৰে।” এই নিষেধাজ্ঞা উলংঘা কৰা যিকোনো লোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ২২৩ ধাৰাৰ লগতে সীমা শুল্ক আইন আৰু বিদেশী আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰশাসনে স্পষ্ট কৰি দিছে যে এই নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *