শ্যাম ষ্টীল গ্ৰুপৰ পৰিচালন সঞ্চালক ললিত বেৰিৱালাই ২০২৬–২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক আদৰণি জনাই কয় যে বাজেটখনে ২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি থকা অধিক সংযুক্ত, প্ৰযুক্তিগতভাৱে সবল আৰু সৰ্বাংগীন ভাৰতৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰা কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বেৰিৱালাই কয় যে, মূলধনী ব্যয়ৰ ওপৰত নিৰন্তৰ গুৰুত্ব আৰোপ কৰা হৈছে, যি ৯ শতাংশলৈ বৃদ্ধি কৰা হৈছে আৰু ৰাজহুৱা মূলধন ব্যয় ২০২৬-২৭ বৰ্ষত ১২.২ ট্ৰিলিয়ন টকালৈ বৃদ্ধি কৰা হৈছে। তেওঁ লগতে কয় যে, ৰে’লৱে নেটৱৰ্ক সম্প্ৰসাৰণ, এক্সপ্ৰেছ হাইৱে নিৰ্মাণ আৰু নিৰ্মাণ-কেন্দ্ৰিক বিকাশত কেন্দ্ৰীভূত বিনিয়োগে ভাৰতৰ আন্তঃগাঁথনিৰ মেৰুদণ্ড যথেষ্ট শক্তিশালী কৰিব আৰু সামগ্ৰিক ঔদ্যোগিক কাৰ্য-কলাপ বৃদ্ধি কৰি মানসম্পন্ন ষ্টীল যোগানৰ বাবে ধাৰাবাহিক চাহিদা সৃষ্টি কৰিব।
তেওঁ লগতে উল্লেখ কৰে যে, টায়াৰ II আৰু টায়াৰ III চহৰসমূহৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ প্ৰস্তাৱসমূহে ষ্টীল, চিমেণ্ট আৰু অন্যান্য নিৰ্মাণ সামগ্ৰী খণ্ডত বিকাশ ত্বৰান্বিত কৰিব, আনহাতে নগৰ আৰু অৰ্ধ-নগৰ অঞ্চলত বৃহৎ পৰিমাণৰ নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।
বেৰিৱালাই লগতে জলপথৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ, ৭টা অতিৰিক্ত ডেডিকেটেড ফ্ৰেইট কৰিডৰ, পৰিৱেশ অনুকূল যাত্ৰী কৰিডৰ, ছেমিকণ্ডাক্টৰ কৰিডৰ, কেমিকেল পাৰ্ক, ৰেয়াৰ আৰ্থ কৰিডৰ আৰু বস্ত্ৰ উদ্যানৰ ঘোষণাক আদৰণি জনাই কয় যে, এই পদক্ষেপসমূহে সমগ্ৰ দেশৰ দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশত সহায় কৰিব।
কৃত্ৰিম বুদ্ধিমত্তা চালিত সঁজুলি আৰু দক্ষতাৰ পৰা নিযুক্তিৰ ফ্ৰেমৱৰ্কৰ ওপৰত চৰকাৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে, ষ্টীল উদ্যোগটোৱে স্মাৰ্ট প্ৰক্ৰিয়া, উন্নত উৎপাদনশীলতা আৰু বৰ্ধিত কাৰ্যকৰী দক্ষতাৰ পৰা লাভান্বিত হ ‘ব। তেওঁ বাজেটখন বিকাশমুখী, প্ৰগতিশীল, ব্যৱসায়-অনুকূল আৰু ব্যৱহাৰিক বুলি অভিহিত কৰি মহিলা নেতৃত্বাধীন উদ্যোগসমূহৰ বাবে অব্যাহত সমৰ্থনৰো ভূয়সী প্ৰশংসা কৰে।
২০২৬-২৭ বৰ্ষৰ বাজেটক বিকশিত ভাৰতৰ বাবে শক্তিশালী ভেটি হিচাপে আদৰণি শ্যাম ষ্টীল গ্ৰুপৰ
