বিনিময় প্রথাৰে ভাতৃত্বৰ এনাজৰীঃ আজি সামৰণি পৰিল ঐতিহাসিক জোনবিল মেলাৰ

জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাৰ আজি সফল সামৰণি পৰিল। মেলাৰ মুখ্য আকর্ষণ ঐতিহাসিক বিনিময় প্রথাৰ হাটত পাহাৰৰ মামা-মামীসকলে থলুৱাভাৱে উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰী ভৈয়ামৰ লোকসকলৰ অন্যান্য সামগ্ৰীৰ সৈতে আদান-প্রদান কৰে। ইয়াৰ পাছতে জোনবিলৰ পাৰত পৰম্পৰাগত কুকুৰা যুঁজ আৰু সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হয়। গোভা ৰজা দীপসিং দেওৰজাই সমূহীয়া মাছ ধৰা পৰ্ব মুকলি কৰে। এই মেলাৰ সৈতে সংগতি ৰাখি তিৱা আৰু অসমীয়া ভাষাৰ কবি সম্মিলন, বিভিন্ন নৃত্য-গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলাও অনুষ্ঠিত হয়।

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাত কালি মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজ দৰবাৰত ২২ গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে মন্ত্রী পীযূষ হাজৰিকাই তিৱা ৰজাসকলক ৰাজভাট্টা প্ৰদান কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে জনজাতীয় সংৰক্ষিত এলেকাত কোনোধৰণৰ দখল আৰু ঔদ্যোগিক প্রতিষ্ঠান স্থাপন কৰা নহয় বুলিও মন্তব্য কৰে।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *