পথ সুৰক্ষা মাহত কাছাৰ আৰক্ষীৰ অভিনৱ পদক্ষেপঃ হেলমেট নিপিন্ধাক উপহাৰ আৰু নিয়ম মানিলে গোলাপ ফুল

সমগ্ৰ দেশৰ লগতে কাছাৰ জিলাতো ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে জিলা আৰক্ষী প্ৰশাসনে এক বিশেষ সজাগতা অভিযান চলাই আছে। শিলচৰ চহৰৰ সদৰঘাট পইণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত যান-বাহন আৰু পৰিবহণ বিভাগৰ সহযোগত এই অভিযান চলোৱা হৈছে। এই অভিযানৰ বিশেষত্বটো হ’ল যে আৰক্ষীয়ে কেৱল জৰিমনা বিহাতকৈ মানুহক সচেতন কৰাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছে।

অভিযানৰ সময়ত হেলমেট পৰিধান নকৰাকৈ বাইক চলাই অহা আৰোহীসকলক আৰক্ষীয়ে জৰিমনা বিহাৰ পৰিৱৰ্তে হেলমেট উপহাৰ হিচাপে প্ৰদান কৰে। একেদৰে ভৱিষ্যতে সকলো নিয়ম মানি চলিবলৈ তেওঁলোকক শপত গ্ৰহণো কৰোৱা হয়। আনহাতে যিসকল লোকে যান-বাহন আইন মানি সুৰক্ষিতভাৱে যাতায়াত কৰিছে, তেওঁলোকক উৎসাহিত কৰিবলৈ আৰক্ষীয়ে গোলাপ ফুল দি শুভেচ্ছা জ্ঞাপন কৰে।

পথ দুৰ্ঘটনা হ্ৰাস কৰাই এই কাৰ্যসূচীৰ মূল লক্ষ্য বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে জানিবলৈ দিছে। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত চলা এই অভিযানত অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেন আৰু যান-বাহন বিভাগৰ ইনচাৰ্জ শান্তনু দাসকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। তেওঁলোকৰ মতে, কেৱল শাস্তিৰে নহয়, বৰঞ্চ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিলেহে পথ সুৰক্ষাৰ লক্ষ্য বাস্তৱায়িত হ’ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *