১৫ ফেব্ৰুৱাৰীৰ ভিতৰত চূড়ান্ত হ’ব বিজেপি মিত্ৰজোঁটৰ আসনৰ ভাগ-বটোৱাৰা! ধেমাজিত নিৰ্বাচনী তৎপৰতা মুখ্যমন্ত্ৰীৰ

অসমৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক আকাশত এতিয়া মিত্ৰতা আৰু আসন ভাগ-বাটোৱাৰাক লৈ ব্যাপক তৎপৰতাৰ সৃষ্টি হৈছে। শাসকীয় বিজেপি দলেও মিত্ৰজোঁটৰ দলসমূহৰ সৈতে আলোচনা প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে। বুধবাৰে ধেমাজিত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত বিজেপিৰ মিত্ৰতা আৰু আসনৰ অংক সম্পূৰ্ণৰূপে চূড়ান্ত হ’ব। মিত্ৰদলসমূহৰ মাজত সুন্দৰ সমন্বয়ৰ মাজেৰে আসন বিতৰণ হ’ব বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত দৃঢ়তাৰে ব্যক্ত কৰে।

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, মিত্ৰতা সন্দৰ্ভত যোৱা নিশা তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই আলোচনাত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীও উপস্থিত থকাৰ বিপৰীতে ইউপিপিএলৰ নেতা প্ৰমোদ বড়োৱেও ইতিমধ্যে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছে। ইয়াৰ উপৰি অগপৰ সভাপতি অতুল বৰাৰ সৈতেও দীঘলীয়া আলোচনা মৰ্মে এক বুজাপৰালৈ অহা বুলি মুখ্যমন্ত্ৰীয়ে ইংগিত দিয়ে। ভোটাৰ তালিকাৰ বিসংগতি সন্দৰ্ভত বিৰোধী নেতা অখিল গগৈয়ে উত্থাপন কৰা অভিযোগ নস্যাৎ কৰি ড° শৰ্মাই কয় যে ইয়াৰ কোনো সত্যতা নাই। তেওঁৰ মতে, ভোটাৰ তালিকাৰ সংশোধনী এক সাংবিধানিক প্ৰক্ৰিয়া আৰু যিকোনো ভাৰতীয় নাগৰিকে নিয়মমতে নিজৰ আপত্তি দাখিল কৰিব পাৰে। এই ক্ষেত্ৰত বিৰোধী কংগ্ৰেছসহ সকলো দলকে সহায় কৰিবলৈ তেওঁ আহ্বান জনায়।

বিৰোধী শিবিৰৰ ‘তিনি গগৈ’ৰ মিত্ৰতাৰ সন্দৰ্ভত কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজেপি দলতো অলেখ ‘গগৈ’ আছে। নিৰ্বাচনৰ সময়ত বিজেপিৰ লগত থকা গগৈসকলৰ সংখ্যা বিৰোধীতকৈ বহু বেছি হ’ব বুলি তেওঁ মন্তব্য কৰে। উল্লেখ্য যে ধেমাজি সমষ্টিৰ দেউৰি বিলত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৩২,৮৯২ গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। ইয়াৰ উপৰি ধেমাজিত ২ হাজাৰ নতুন অৰুণোদয় হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা, চাৰিলেনযুক্ত পথ নিৰ্মাণ আৰু ক্ৰিকেট ষ্টেডিয়াম স্থাপনৰ দৰে কেইবাটাও জনকল্যাণমূলক প্ৰতিশ্ৰুতিও তেওঁ ৰাইজক দিয়ে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *