বেদান্তা গ্ৰুপৰ অধ্যক্ষৰ পুত্ৰ অগ্নিৱেশ আগৰৱালৰ নিউয়ৰ্কত মৃত্যু

পুুত্ৰহাৰা পিতৃৰ এক মৰ্মান্তিক হুমুনিয়াহে এতিয়া সমগ্ৰ দেশৰ ব্যৱসায়িক জগতৰ লগতে সাধাৰণ ৰাইজকো স্তব্ধ কৰি তুলিছে। বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালৰ পুত্ৰ তথা এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী অগ্নিবেশ আগৰৱালৰ বুধবাৰে আমেৰিকাৰ নিউয়ৰ্কত আকস্মিক পৰলোকপ্ৰাপ্তি ঘটে। নিউয়ৰ্কৰ মাউণ্ট সিনাই হাস্পতালত চিকিৎসাধীন অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ মাত্ৰ ৪৯ বছৰ বয়সতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। এক স্কীয়িং দুৰ্ঘটনাৰ পাছত তেওঁ আৰোগ্য লাভ কৰাৰ দিশে অগ্ৰসৰ হৈছিল যদিও হঠাতে হোৱা এই শাৰীৰিক অৱনতিয়ে সকলোকে হতচকিত কৰি তোলে।

পুত্ৰৰ মৃত্যুত শোকাভিভূত অনিল আগৰৱালে সামাজিক মাধ্যমত ইয়াক নিজৰ জীৱনৰ আটাইতকৈ ‘অন্ধকাৰ দিন’ বুলি অভিহিত কৰে। তেওঁ উল্লেখ কৰা মতে, দুৰ্ঘটনাৰ পাছত অগ্নিবেশ বিপদৰ পৰা মুক্ত বুলি পৰিয়ালে বিশ্বাস কৰিছিল যদিও নিয়তিৰ বিধান আছিল সুকীয়া। অগ্নিবেশ আগৰৱালে নিজৰ কৰ্মজীৱনত হিন্দুস্তান জিংকৰ অধ্যক্ষ আৰু ফুজাইৰা গ’ল্ডৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ নেতৃত্ব দি এক বিশেষ পৰিচয় গঢ়ি তুলিছিল। ব্যৱসায়িক জগতৰ বাহিৰেও এজন খেলুৱৈ আৰু সংগীতপ্ৰেমী হিচাপে তেওঁ সকলোৰে মাজত জনপ্ৰিয় আছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পুৱা অগ্নিবেশ আগৰৱালৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে অনিল আগৰৱালৰ প্ৰতি সমবেদনা জনাই কয় যে এই বিয়োগ অতি বেদনাদায়ক আৰু দুৰ্ভাগ্যজনক। আনহাতে, অনিল আগৰৱালে তেওঁৰ পুত্ৰৰ সপোন সাৰ্থক কৰিবলৈ তেওঁলোকৰ উপাৰ্জনৰ ৭৫ শতাংশতকৈও অধিক অংশ সমাজৰ উন্নয়নৰ বাবে দান কৰাৰ সংকল্প পুনৰ দোহাৰে। এজন দক্ষ নেতা হোৱাৰ উপৰি এজন বন্ধু আৰু গৌৰৱৰ স্থল আছিল বুলিও পিতৃ অনিল আগৰৱালে আৱেগিকভাৱে স্মৰণ কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *