দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত দেশৰ দুই শীৰ্ষ নেতাৰ বিৰুদ্ধে চলা অশালীন আচৰণ আৰু বিতৰ্কিত শ্ল’গানবাজিয়ে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি দিয়া এই আপত্তিজনক শ্ল’গানৰ বিৰুদ্ধে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কঠোৰ স্থিতি গ্ৰহণ কৰি ইতিপূৰ্বে এজাহাৰ দাখিল কৰিছে। প্ৰতিষ্ঠানটোৱে এই কাৰ্যক গণতন্ত্ৰৰ ওপৰত আক্ৰমণ আখ্যা দি স্পষ্ট কৰি দিছে যে বিশ্ববিদ্যালয়খন কেতিয়াও দেশবিৰোধী কাৰ্যকলাপৰ পৰীক্ষাগাৰ হ’ব নোৱাৰে।
মঙলবাৰে উচ্চতম ন্যায়ালয়ে ২০২০ চনৰ দিল্লী হিংসাৰ অভিযুক্ত শ্বাৰ্জিল ইমাম আৰু উমৰ খালিদৰ জামিন আবেদন নাকচ কৰাৰ পিছতেই জে এন ইউত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ প্ৰতিবাদকাৰীয়ে আদালতৰ ৰায়ৰ বিৰোধিতা কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক লক্ষ্য কৰি কটু মন্তব্য কৰা বুলি অভিযোগ উঠিছে। এই ঘটনাক লৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছে নাগপুৰত এক তীব্ৰ আক্ৰমণাত্মক মন্তব্য আগবঢ়াইছে। তেওঁ কয় যে জে এন ইউত জন্ম লোৱা শ্বাৰ্জিল ইমামৰ উত্তৰসূৰীসকলৰ এনে দেশদ্ৰোহী উদ্দেশ্য মোহাৰি পেলোৱা হ’ব। দেশদ্ৰোহীৰ পক্ষ লোৱা আৰু দেশখনক খণ্ডিত কৰিব বিচৰা কোনো শক্তিয়েই সফল হ’ব নোৱাৰে বুলি তেওঁ সকীয়াই দিয়ে। আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলে ছত্ৰপতি শিৱাজী মহাৰাজক পাটীদাৰ সমাজৰ বুলি কৰা মন্তব্যৰো বিৰোধিতা কৰে মুখ্যমন্ত্ৰী ফাড়নৱীছে। তেওঁ স্পষ্টকৈ কয় যে কোনো মহৎ লোকক জাতি বা সমাজৰ গণ্ডীৰে আৱদ্ধ কৰিব নোৱাৰি। ছত্ৰপতি শিৱাজী মহাৰাজ সমগ্ৰ দেশৰে আছিল আৰু তেওঁৰ বাবেই আজি প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ পৰিচয় দি থিয় হ’বলৈ সক্ষম হৈছে বুলি তেওঁ স্মৰণ কৰে। মহৎ ব্যক্তিসকলক এনেদৰে বিভক্ত কৰাটো অনুচিত বুলিও তেওঁ মন্তব্য আগবঢ়ায়।
