বিশ্বৰ লগতে সমগ্ৰ ভাৰতবৰ্ষই আজি এক আনন্দঘন পৰিৱেশৰ মাজেৰে আদৰণি জনাইছে ২০২৬ বৰ্ষক। বছৰৰ প্ৰথমটো পুৱাতে দেশৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় অনুষ্ঠানৰ পৰা পৰ্যটনস্থলীলৈকে জনসাধাৰণৰ উলাহ দেখিবলৈ পোৱা গৈছে। এই পবিত্ৰ ক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি নতুন বছৰটোৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ কামনা কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে আগবঢ়োৱা বাৰ্তাত উল্লেখ কৰে যে আগন্তুক বছৰটোৱে প্ৰতিগৰাকী নাগৰিকৰ বাবে সুস্বাস্থ্য আৰু সফলতা কঢ়িয়াই আনক। তেওঁ সমাজত শান্তি আৰু সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে প্ৰতিজন লোকৰ প্ৰচেষ্টাত পূৰ্ণতা আহিব বুলি আশা প্ৰকাশ কৰে। আনহাতে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱেও নৱবৰ্ষ উপলক্ষে দেশবাসীক বিশেষ বাৰ্তা প্ৰদান কৰি কয় যে এই নতুন বছৰটোৱে আমাক নতুন শক্তি আৰু ইতিবাচক পৰিৱৰ্তনৰ সুযোগ প্ৰদান কৰে।
ৰাষ্ট্ৰপতি মুৰ্মূৱে তেওঁৰ বাৰ্তাত আত্মনিৰীক্ষণ আৰু নতুন সংকল্প গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ৰাষ্ট্ৰীয় উন্নয়ন, সামাজিক সম্প্ৰীতি আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি প্ৰতিগৰাকী ভাৰতীয়ক নিজৰ দায়বদ্ধতা শক্তিশালী কৰিবলৈ আহ্বান জনায়। ২০২৬ চনে এক শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত দেশবাসীক নতুন প্ৰেৰণা যোগাব বুলিও তেওঁ মন্তব্য কৰে।
