মেঘালয়ত বন ধ্বংস আৰু চোৰাং চিকাৰীৰ তাণ্ডৱত ওলাই অহা বন্যহস্তীয়ে পশ্চিম গুৱাহাটী আৰু দক্ষিণ কামৰূপত ভাগ ভাগ হৈ জনাঞ্চলত ভাঙিছে মানুহৰ ঘৰ – বস্তিৰ বেৰ

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ মেঘালয় সীমান্তবৰ্তী ৰাণীকে ধৰি দাঁতি কাষৰীয়া দক্ষিণ কামৰূপৰ বিভিন্ন জনাঞ্চল আৰু খেতিপথাৰত বিগত দুই মাহৰো অধিক দিন ধৰি অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। বিশেষকৈ মেঘালয়ৰ দিশৰ পৰা ওলাই অহা হাতীৰ জাকৰ মুক্ত বিচৰণৰ ফলত খেতি পথাৰ নষ্ট হোৱাৰ লগতে সন্ধিয়া আন্ধাৰ হোৱাৰ পূৰ্বেই মানুহ ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । আনকি হাতীৰ উপদ্ৰৱৰ মাজতেই কৃষক সকলে মৰণত শৰণ দি শালি ধান চপাবলৈ বাধ্য হৈছে । ৰাণীৰ গাতে লগা চুবুৰীয়া মেঘালয়ৰ অৰণ্যৰ  পৰা খাদ্যৰ সন্ধানত ওলাই বন্যহস্তীৰ জাকে ভাগে ভাগে ইতিমধ্যেই  ৰাণীকে ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন জনবহুল অঞ্চলত বিচৰণ কৰি গৃহস্থৰ দেৱাল,গছ গছনি ভঙাৰ লগতে কৃষকৰ ৰবি শস্য খাই অনিষ্টসাধন কৰিছে।

এই সন্দৰ্ভত ৰাণীৰ পুৰাণ শুকুৰবৰীয়াৰ আদৰ্শ কৃষক তথা ৰাণী মৈৰাপুৰ আঞ্চলিক হাতী প্ৰতিৰোধ সমিতিৰ সভাপতি দীনেশ নাথ , উপ সভাপতি ৰমেশ দাস আৰু সম্পাদক বিনয় দাস , পৰিবেশ কৰ্মী চবিন চন্দ্ৰ নাথকে ধৰি বৃহত্তৰ ৰাণী অঞ্চলৰ একাংশ সমাজ সচেতন লোকে জানিবলৈ দিয়া মতে অঞ্চলটোৰ গাতে লাগি থকা মেঘালয়ৰ এলেকাধীন অৰণ্যত চলি থকা অবাধ বনধংস আৰু  মাজে সময়ে চোৰাং চিকাৰীয়ে চলাই অহা হাতীৰ চিকাৰৰ বাবে তাৰ পৰা হাতীসমূহ খাদ্যৰ সন্ধানৰ লগতে প্ৰাণৰ ভয়ত ওলাই অহা বুলি আশংকা কৰা হৈছে। উল্লেখ যে , ৰাণী আৰু দাঁতি কাষৰীয়া দক্ষিণ কামৰূপৰ বিভিন্ন জনবসতি প্ৰধান অঞ্চলসমূহত  ফুট গধূলিতেই বন্যহস্তীয়ে খাদ্যৰ সন্ধানত ওলাই ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি   কৰিছে।  ৰাইজে ঠায়ে জুই জ্বলাই, টিং বজাই,ফটকা মাৰি বন্যহস্তীৰ উপদ্ৰপৰ পৰা ৰক্ষা পাবলৈ চেষ্টাও চলাইছে যদিও সফল হোৱা নাই। ইফালে মেঘালয়ৰ একাংশ জনগোষ্ঠীৰ লোকে হাতীৰ মাংস খোৱা আৰু মেঘালয়ৰ বন বিভাগৰ চৰম গাফিলতিৰ বাবে দুস্কৃতিকাৰীয়ে মাজে সময়ে তাৰ অৰণ্যত শাল , চেগুণকে ধৰি মূল্যবান  গছ গছনি কাটি তহিলং কৰা ঘটনাই হাতীৰ বিচৰণ ক্ষেত্ৰ সংকুচিত কৰিছে ।

একেদৰে মেঘালয়ত গছ কটা কাৰ্যত জড়িত দুস্কৃতিকাৰীয়ে সেই গছ বিভিন্ন ভিতৰুৱা  পথেৰে ৰাণীৰ দাঁতি কাষৰীয়া অঞ্চললৈ সৰবৰাহ কৰা কেবাটাও ঘটনা মাজে সময়ে ৰাণী বন বিভাগৰ বনকৰ্মীয়ে ধৰাও পেলাইছে। আনকি গছ কটা কাৰ্যত জড়িত দুস্কৃতিকাৰীৰ সাংগো পাংগোসকলে  নিজক বচাবৰ বাবে ওলোটাই অসমৰ বন ধংস হোৱা বুলি অপপ্ৰচাৰ কৰা  কেবাটাও ঘটনাও পোহৰলৈ আহিছে। জানিব পৰা মতে মেঘালয়ৰ বন বিভাগে সহযোগিতা আগবঢ়ালেহে হাতীৰ উপদ্ৰব আৰু বন ধংস কাৰ্য ৰোধ কৰিব পৰা যাব। নহলে তাৰ কুফল মেঘালয় সীমান্তবৰ্তী অসমৰ লোক আৰু অসমৰ বন বিভাগে সদায় ভোগ কৰি থাকিব লাগিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *