ঘূৰ্ণীবতাহ ‘দিত্বাহ’ৰ ফলত প্ৰচুৰ ধুমুহা, বৰষুণৰ কবলত শ্ৰীলংকা

ঘূৰ্ণীবতাহ ‘দিত্বাহ’ৰ ফলত ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ঘূৰ্ণীবতাহ ‘দিত্বাহ’ৰ ফলত দেশখন প্ৰচুৰ ধুমুহা, বৰষুণৰ কবলত পৰে । ফলস্বৰূপে বানে সমগ্ৰ দ্বীপ ৰাষ্ট্ৰখনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে । আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে সমগ্ৰ দ্বীপ ৰাষ্ট্ৰখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় ।চৰকাৰে বিদ্যালয় আৰু কাৰ্যালয় বন্ধ কৰাৰ লগতে বিভিন্ন পৰীক্ষা স্থগিত ৰাখিছে । শনিবাৰে সামাজিক মাধ্যমত প্ৰকাশ পোৱা পোষ্টত দেখা গৈছে যে নিশাৰ ভিতৰতে খহনীয়াৰ কবলত পৰা কেইবাটাও অঞ্চলৰ সৈতে কৰ্তৃপক্ষই এতিয়াও যোগাযোগ কৰিব পৰা নাই ।শ্ৰীলংকাত আবদ্ধ হৈ থকা সকলো ভাৰতীয় যাত্ৰীয়ে তেওঁলোকৰ সবিশেষ পঞ্জীয়ন কৰিবলৈও এটা সুকীয়া পোষ্টত এটা লিংক প্ৰদান কৰে উচ্চায়ুক্তই । ইয়াত কোৱা হৈছে যে ভাৰতীয় যাত্ৰীসকলে কলম্বোৰ বান্দাৰনাইকে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জৰুৰীকালীন হেল্প ডেস্কতো পঞ্জীয়ন কৰিব পাৰিব ।বিমানবন্দৰ বা শ্ৰীলংকাৰ যিকোনো অংশত সহায়ৰ প্ৰয়োজন হোৱা যিকোনো ভাৰতীয় নাগৰিকে জৰুৰীকালীন নং +৯৪ ৭৭৩৭২৭৮৩২ নম্বৰত যোগাযোগ কৰিব পাৰে (হোৱাটছএপৰ জৰিয়তেও) । ইয়াৰ পূৰ্বে উচ্চায়ুক্তই কয়, “বিমান পৰিবহণৰ ভয়াৱহ ব্যাঘাতৰ পৰিপ্ৰেক্ষিতত অসুবিধাৰ সন্মুখীন হোৱা ভাৰতীয় যাত্ৰীসকলক খাদ্য, পানী আৰু অন্যান্য সাহায্য প্ৰদান কৰা হৈছে । নতুন দিল্লীয়ে কেৱল নিজৰ নাগৰিকৰ যত্ন লোৱাই নহয়, দুৰ্দশাগ্ৰস্ত প্ৰতিবেশী দেশখনৰ প্ৰথম সঁহাৰিদাতাও ।”

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *