১০০ সংখ্যক টেষ্টত শতক অৰ্জনৰে ইতিহাস সৃষ্টি মুছফিকুৰ ৰহিমৰ

বাংলাদেশৰ অভিজ্ঞ উইকেটকীপাৰ-বেটছমেন মুছফিকুৰ ৰহিমে বৃহস্পতিবাৰে মিৰপুৰত অনুষ্ঠিত  দুখন মেচৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা এক বিশেষ কৃতিত্ব অৰ্জন কৰে। ৩৮ বছৰীয়া ৰহিমে নিজৰ ১০০ সংখ্যক টেষ্ট মেচত শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। তেওঁ বাংলাদেশৰ পৰা অহা প্ৰথমজন খেলুৱৈ, আৰু বিশ্বৰ ১১ সংখ্যক খেলুৱৈ হিচাপে এই কৃতিত্ব অৰ্জন কৰে।

বাংলাদেশৰ সৰ্বাধিক টেষ্ট খেলা খেলুৱৈ ৰহিমে কেইবাটাও আকৰ্ষণীয় বাউণ্ডেৰীৰে ১৯৫টা বলত শতক অৰ্জন কৰে। তেওঁৰ শতকটোৱে তেওঁক ১০০ সংখ্যক টেষ্টত শতক অৰ্জন কৰা টেষ্ট ক্ৰিকেট কিংবদন্তিৰ নিৰ্বাচিত গোটত যোগ দিয়ায়। ইয়াৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল কলিন কাউড্ৰি (ইংলেণ্ড), জাভেদ মিয়ান্দদ (পাকিস্তান), গৰ্ডন গ্ৰীনিজ (ৱেষ্ট ইণ্ডিজ), এলেক ষ্টুৱেৰ্ট (ইংলেণ্ড),

ইনজামাম-উল-হক (পাকিস্তান), ৰিকি পন্টিং (অষ্ট্ৰেলিয়া), গ্ৰেম স্মিথ (দক্ষিণ আফ্ৰিকা), হাছিম আমলা (দক্ষিণ আফ্ৰিকা), জো ৰুট (ইংলেণ্ড) আৰু ডেভিড ৱাৰ্নাৰ (অষ্ট্ৰেলিয়া), মুছফিকুৰ ৰহিম (বাংলাদেশ)। মুছফিকুৰৰ এই শতক কেৱল তেওঁৰ সামৰ্থ্য আৰু অভিজ্ঞতাৰ প্ৰমাণ নহয়, বাংলাদেশ ক্ৰিকেটৰ বাবেও এক ঐতিহাসিক মুহূৰ্ত।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *