“৭০ শতাংশতকৈও অধিক মৃগীৰোগক নিয়ন্ত্ৰণত ৰাখিব পৰা যায়”- জি এন আৰ চি হাস্পতাল

আজি ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস উপলক্ষে জিএনআৰচি দিছপুৰৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল আয়োজন কৰা হয়। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত দিনকদিনে বাঢ়ি অহা মৃগীৰোগীৰ সংখ্য়া আৰু ৰাইজক প্ৰাৰম্ভিক অৱস্থাত ৰোগ চিনাক্ত কৰি উপযুক্ত চিকিৎসা আৰম্ভ কৰিবলৈ আহ্বান জনোৱাৰ ওপৰত আজিৰ এই সংবাদমেলত প্ৰাধান্য় আৰোপ কৰা হয়।

বিশেষজ্ঞসকলৰ মতে, বিশ্বজুৰি ৫ কোটিৰো অধিক লোক, ভাৰতত এক কোটিতকৈ অধিক লোক, আৰু অসমৰ আনুমানিক তিনি লাখ লোক মৃগীৰোগত আক্ৰান্ত হৈ থকা সত্ত্বেও এতিয়াও এই ৰোগ এক দুৰ্বোধ্য় স্নায়ুৰোগ হিচাপেই চিহ্নিত হৈ আছে। উত্তৰ-পূবত সাত লাখৰো অধিক ব্যক্তি এই ৰোগত আক্ৰান্ত হৈ আছে বুলি অনুমান কৰা হৈছে। চিকিৎসকে জনোৱা মতে, সজাগতাৰ অভাৱ, কলংক, লক্ষণৰ ভুল ব্যাখ্যাৰ বাবে এনে বহু ৰোগী নিদান নোহোৱাকৈয়ে আছে। জিএনআৰচি হাস্পতালত আজিলৈকে ৩১ হাজাৰৰো অধিক মৃগীৰোগীৰ চিকিৎসা কৰা হৈছে। এই অভিজ্ঞতাই দেখুৱাইছে যে মৃগীৰোগ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায় ।

বিশেষজ্ঞসকলৰ মন্তব্য:

মৃগীৰোগৰ বোজা — অসম, উত্তৰ-পূব আৰু বিশ্ব

জ্য়েষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ নৱজ্য়োতি বৰকটকীয়ে কয়, “বিশ্বজুৰি মৃগীৰোগ জনস্বাস্থ্যৰ এক প্ৰধান চিন্তা, অসমও ইয়াৰ ব্যতিক্ৰম নহয়। লাখ লাখ লোকে এই অৱস্থাৰ সৈতে জীয়াই থকাৰ সময়তে প্ৰকৃত প্ৰত্যাহ্বানটো এইটোৱেই যে আমাৰ অঞ্চলত ৰোগীৰ এক বৃহৎ অংশ অচিনাক্ত হৈয়ে আছে। আগতীয়াকৈ ৰোগ নিৰ্ণয় কৰিলে এক বৃহৎ পৰিৱৰ্তন আহিব পাৰে, আৰু সজাগতাই এই বোজা হ্ৰাস কৰাৰ দিশত প্ৰথম পদক্ষেপ।”

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *