বিহাৰত মুখ থেকেচা খাব নেকি আনন্দ মিশ্ৰই?

বিহাৰৰ বাক্সাৰ বিধানসভা সমষ্টিত এইবাৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থাী আনন্দ মিশ্ৰ। বহুদিনৰ জল্পনা-কল্পনাৰ অন্ত পেলাই চাকৰি জীৱন আধাতে এৰি যোৱা আনন্দ মিশ্ৰই অৱশেষত গেৰুৱা বসন পিন্ধিছিল। আনন্দ মিশ্ৰই নিৰ্বাচনক লৈ বাক্সাৰ অলি-গলিয়ে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। কিন্তু তাৰ মাজতে শেহতীয়াকৈ খবৰ আহিছে যে, দলৰ ভিতৰতে সৃষ্টি হোৱা বিসম্বাদৰ বাবে আনন্দ মিশ্ৰই বিধায়ক হোৱা আনন্দ হয়তো লাভ নকৰিব।

কিয়নো অইন দলৰ পৰা আহি বিজেপিত যোগদান কৰিয়েই টিকট লাভ কৰাৰ বাবে সমষ্টিটোত পুৰণি বিজেপি কাৰ্যকতাসকল যথেষ্ট ক্ষোভিত হৈ আছে।ইতিমধ্যে কেইবাটাও ভাগত বিভক্ত হৈছে বাক্সাৰ বিজেপি। ন-পুৰণি কৰ্মকতা সকলৰ মাজত চলিছে এখন শীতল যুদ্ধ। এনে পৰিস্থিতিত নিৰ্বাচনী বৈতৰণী পাৰ হোৱাত যথেষ্ট প্ৰত্যাহ্বান আহিছে আনন্দ মিশ্ৰৰ।

তথাপিও হাঁহিমুখে প্ৰচাৰ চলাই গৈছে মিশ্ৰই। দল হাইকামাণ্ডেও মিশ্ৰক দিছে বিশেষ গুৰুত্ব।বৰ্তমান সমষ্টিটোত কংগ্ৰেছৰ স্থিতি যথেষ্ট সবল। তেনে ক্ষেত্ৰত কিদৰে আনন্দ মিশ্ৰই সমষ্টিটো কংগ্ৰেছৰ হাতৰ পৰা কাঢ়ি আনে, সেয়া লক্ষ্যণীয় হ’ব। ২০১৫চনৰে পৰা কংগ্ৰেছৰ দখলত থকা সমষ্টিটো বিজেপিৰ আনন্দ মিশ্ৰই কেনেকৈ উদ্ধাৰ কৰিব তাক লৈও যথেষ্ট চৰ্চা হৈছে।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *