শীঘ্ৰে ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে

শীঘ্ৰে ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে। কিন্তু মু্ক্তিৰ পূৰ্বে বহুকেইটা অভিলেখ গঢ়িবলৈ সাজু হৈছে জুবিন গাৰ্গৰ অন্তিম ছবিখনে।ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰে দিনাৰ পৰাই পুনৰ কান্দিছে অসমবাসীয়ে। কিয়নো বাস্তৱৰ সৈতে ছবিখনৰ সংলাপৰ যথেষ্ঠ মিল দেখিছে অনুৰাগীয়ে। ট্ৰেইলাৰত দেখুওৱাৰ দৰে সাগৰখন সাঁতুৰি পাৰ হ’ব পাৰিম নে বুলি প্ৰশ্ন কৰা জুবিনৰ অন্তিম ঠিকনা সাগৰেই হ’ল!শুকুৰবাৰে ছবিখনৰ অগ্ৰিম টিকট বুকিং আৰম্ভ কৰি দিয়া হয়। কিন্তু টিকট মুকলি কৰাৰ পিছতে গঢ়িলে অভিলেখ। ৰৈ ৰৈ বিনালেৰ ৭৪,০০০তকৈও বেছি ৰেটিং ইতিমধ্যে BookMyShow’ত অনুৰাগীয়ে কৰিছে। ইয়াৰোপৰি প্ৰায় ৩ নবেম্বৰলৈ সকলো টিকট বিক্ৰী হোৱাৰ তথ্য পোৱা গৈছে। অগ্ৰিম টিকট বিক্ৰীৰ পিছতে সকলো ছবিগৃহ ইতিমধ্যে হাউছফুল। ইয়াৰ বাবে BookMyShowৰ শীৰ্ষত চাৰ্চ লিষ্টটো আহিছে অসমীয়া ছবি ‘ৰৈ ৰৈ বিনালে’।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *