গুৱাহাটীত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক চিৰ ছইদ আহমদ খানৰ ২০৮ সংখ্যক জন্মজয়ন্তী উদযাপন

আলিগড় মুছলিম বিশ্ববিদ্যালয় পুৰণি ছাত্ৰ সংঘ (AMUOBA) ৰ এলামনাই এছ’চিয়েছন, অসমৰ উদ্যোগত গুৱাহাটীৰ টাউন ক্লাবৰ সভাগৃহত  ছইদ দিৱসৰ লগতে ছইদ আহমদ খানৰ ২০৮ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে সংঘৰ সভাপতি আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা  জিয়াউল কামাৰৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত  সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে  সংঘৰ সাধাৰণ সম্পাদক খালিদ উমৰে।  আনহাতে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ভাগ লৈ  গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি অনুষদৰ ডীন তথা ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক  অধ্যাপক শিখৰ কুমাৰ শৰ্মাই ভাষণ প্ৰসংগত  ছইদ আহমদ খানে ভাৰতীয় আধুনিক শিক্ষা আন্দোলনত আগবঢ়োৱা ভূমিকা আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ দ্বাৰা গঢ়ি উঠা প্ৰগতিশীল চিন্তাধাৰাৰ ওপৰত আলোকপাত কৰে।

অনুষ্ঠানত সংঘৰ জ্যেষ্ঠ উপদেষ্টা , গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ  আহমেদ চৌধুৰীয়ে চমু ভাষণত  শিক্ষাই সমাজত শান্তি আৰু একতা স্থাপন কৰাৰ এক মুখ্য উপায় বুলি  ব্যক্ত  কৰে।  অনুষ্ঠানত অসমৰ প্ৰাণৰ শিল্পী  জুবিন গাৰ্গক সমূহীয়াভাবে শ্ৰদ্ধাঞ্জলি  জ্ঞাপন কৰা হয় । শেষত শলাগৰ শৰাই আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ বায়’ইঞ্জিনিয়াৰিং আৰু টেকন’লজিৰ সহকাৰী অধ্যাপক, সংঘৰ কাৰ্যনির্বাহক সদস্য  ডঃ গাজনবি ইদ্ৰিছে। 

তাৰ পাছত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ  বিশ্ববিদ্যালয় সংগীত ‘ তৰনা পৰিবেশন কৰাৰ পাছত আৰু ৰাষ্ট্ৰীয় সংগীতৰে  অনুষ্ঠানটোৰ সামৰণি পৰে। উল্লেখ্য যে অনুষ্ঠানটোৰ জৰিয়তে এলামনাই তথা সংঘৰ ফালৰ পৰা শিক্ষাবিদ, আইনী ব্যক্তিত্ব আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকসকলক একত্ৰিত কৰি *চিৰ ছইদ আহমেদ খানৰ  শিক্ষা , সমাজ সংস্কাৰ আৰু একতাৰ স্থায়ী দৰ্শনৰ প্ৰতি এক যৌথ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *