অব্যাহত আছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত

অব্যাহত আছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত। SITৰ জেৰাত পোহৰলৈ আহিছে বহু নতুন নতুন তথ্য। ইয়াৰ মাজতে বিভিন্ন প্লেটফৰ্মত ভাইৰেল হৈ পৰিছিল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। এছ আই টিৰ মুৰব্বী তথা চি আই ডিৰ বিশেষ ডি জি পি মুন্না প্ৰসাদ গুপ্তাই আজি জুবিনৰ মৃত্যুৰ গোচৰৰ চলি থকা তদন্ত সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰে।ছ’চিয়েল মিডিয়া আৰু মেছেজিং প্লেটফৰ্মত ভাইৰেল হোৱা জুবিন গাৰ্গৰ জি এম চি এইচৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ‘প্ৰকৃত নহয়’ বুলি দাবী কৰে মুন্না প্ৰসাদ গুপ্তাই। সংবাদ মাধ্যমক সম্বোধন কৰি গুপ্তাই স্পষ্ট কৰি দিয়ে, “সেই প্ৰতিবেদন প্ৰকৃত নহয়। ইয়াত কোনো চিকিৎসকৰ স্বাক্ষৰৰ অভাৱ আৰু সেয়েহে ই প্ৰামাণিক নহয়।”

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *