পষেকীয়া বৰ্তালোচনী “মাটিৰ মানুহ’ ৰ ১৫ অক্টোবৰৰ সংখ্যা আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয়। এই উন্মোচনী সভাত সভাপতিত্ব কৰে বিন্দু ডেকা চৌধুৰীয়ে। সভাত বিশিষ্ট ব্যক্তিৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ড০ দয়ানন্দ পাঠক, জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়া, জাতিয়তাবাদী নেতা হাচিবোৰ ৰহমান আৰু জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথ। উন্মোচনী সভাৰ আৰম্ভণিতে হাৰ্ট’থ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তাৰ পিছত সভাৰ উদ্দেশ্য বাখ্যা আগবঢ়ায় মাটিৰ মানুহৰ সম্পাদক ৰাজকুমাৰ বৈশ্যই। তেওঁ কয় এই আলোচনীৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে পথাৰ আৰু বজাৰ নিজৰ লগত ৰখা। অসমৰ মানুহক কৰ্মমুখি কৰি তোলা। আমাৰ খাদ্য সকলো স্তৰত বিষাক্ত হৈ পৰিছে। হাইব্ৰীড বীজ আৰু ৰাসায়নিক সাৰৰ গ্ৰাসৰ পৰা অসমৰ পথাৰ আৰু বজাৰ পুনাৰুদ্ধাৰৰ উদ্দেশ্য এই আলোচনীৰ। আন্দোলন কৰি এটা জাতি জীয়াই নাথাকে, সকলোৱে হাতে কামে কৰিলেহে আৰু কৰ্মসংস্কৃতি গঢ়ি তুলিলেহে এটা জাতি জীয়াই থাকিব। ড০ দয়ানন্দ পাঠকে তেওঁৰ ভাষণ প্ৰসংগত কয় যে অসমীয়া মানুহৰ মৃত্যু বাসনা উগ্ৰ হৈ পৰিছে।
সেয়ে অসমৰ দৰে এখন সাৰুৱা মাটিৰ ৰাজ্যত অবাধ হাৰত ৰাসায়নিক সাৰ খেতি পথাৰত ব্যৱহাৰ কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ কাব্যতো অসমৰ গছ-গছনি, মাটিৰ কথা সুন্দৰ ভাৱে বৰ্ণনা আছে। সেই কথা আমি অনুধাৱন কৰা নাই। তাক অনুধাৱন কৰা অতি প্ৰয়োজন। লগতে আন এক প্ৰসংগত কয় যে অসমৰ প্ৰথম শিশু সাহিত্যিক আছিল মহাপুৰুষ মাধৱদেৱ। অসমৰ প্ৰথম সম্পাদকো আছিল মাধৱদেৱ। তেও কীৰ্ত্তন-ঘোষা প্ৰকাশ কৰিছিল। এনে বহু কথা আছে, যিবোৰ অসমীয়া জাতিয়ে বিশ্লেষণ কৰা প্ৰয়োজন আছে। ব্ৰিটিছসকলে অসমৰ গাঁওসমূহত গৰুৰ বাবে চৰণীয়া পথাৰ ৰাখিছিল। কিন্তু অসমৰ বিষয়াসকলে সেই মাটিসমূহ খণ্ড খণ্ড কৈ বিক্ৰী কৰিছিল।
মাটিৰ মানুহ আমি হৈ আছোঁ নে? আমি এতিয়া মাটিৰ সৈতে ছিন্ন হৈ পৰিছোঁ। মাটিৰ সৈতে ছিন্ন হৈ পৰা এটা জাতিৰ ভৱিষ্যত কি হ’ব? মাটিৰ মানুহৰ আন্দোলন বৃহৎৰূপে গঢ়ি তুলিব লাগিব। কিয়নো এতিয়া দৈনিক ৰাসায়নিক সাৰৰে উৎপাদন কৰা খাদ্য গ্ৰহণ কৰি আহিছোঁ। জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়াই কয় যে এই পষেকীয়া বৰ্তালোচনীখনে জৈৱিক কৃষিত গুৰুত্ব আৰোপ কৰি আহিছে। অতি আধুনিকতালৈ গতি কৰাৰ ফলত আমাৰ শৰীৰ ৰুগীয়া হৈ পৰিছে। আমাৰ খাদ্য সামগ্ৰীসমূহ বিষাক্ত হৈ পৰিছে। এনে ক্ষেত্ৰত এই আলোচনীখনে জৈৱিক কৃষিক উদ্গনি যোগায় আহিছে। একেদৰে হাচিবোৰ ৰহমানে কয় যে এই আলোচনীখনে জৈৱিক কৃষিৰ ক্ষেত্ৰত এক জাগৰণ সৃষ্টি কৰিছে। আমি সকলোৱে জৈৱিক কৃষিক গুৰুত্ব দিব লাগে। জনজাগৰণ সৃষ্টি কৰি আলোচনীখন লক্ষ্য আৰু উদ্দেশ্য গাঁৱলৈ কঢ়িয়াই লৈ যাব লাগে।
