মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত চকুলো টুকি গীত গাই জয় জুবিন দা ধ্বনি দি শ্ৰদ্ধাৰে মহান শিল্পী গৰাকীক সোঁৱৰণ

অসমীয়া ৰাইজৰ হিয়াৰ আমঠু , মহান শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত কেৱল অসমতে নহয় দেশ – বিদেশত থকা অসমীয়া লোক সকলৰ মাজতো গভীৰ শোকৰ ছাঁ পৰিছে। আনহাতে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বুধবাৰে বিয়লি  চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰিভয় জিলাৰ সদৰ নংপোৰ পৰা প্ৰায় ছয় কিলোমিটাৰ নিলগৰ অসমীয়া মূলৰ তিৱা আৰু কাৰ্বি জনগোষ্ঠীৰ লোকৰ বসতি প্ৰধান মাৰঙাত গীতে – মাতে অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সোঁৱৰণ কৰা হয়। উল্লেখ্য যে মানৰ আক্ৰমণৰ সময়তে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তালৈ যোৱা কাৰ্বি আৰু তিৱা জনগোষ্ঠী লোকৰ বসতি প্ৰধান বৃহত্তৰ অঞ্চলটোৰ বৰগাং, নালাপাৰা, নঙাগাওঁ, পুৰাণ গাওঁ, লালুম পাম, জয়গাওঁ, বৰকুছি, বৰখাত চাই, চাৰিকুছি, আঠগাওঁ এই দহখন গাঁৱৰ  শৈক্ষিক , সামাজিক , ক্ৰীড়াকে ধৰি আৰ্থ সামাজিক উন্নয়নৰ বাবে ১৯৭৮ চনতে গঠন কৰা মাৰঙাৰ চ’ছিয়েল এণ্ড কালচাৰেল অৰ্গেনাইজেচন চমুকৈ মাছকা নামৰ পুৰাণগাওঁস্থিত ক্লাবটোৰ উদ্যোগত ক্লাব চৌহদত  এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানত ভাগ লোৱা সকলোৱে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত  ক্লাবৰ উপদেষ্টা, অৱসৰপ্ৰাপ্ত অভিযন্তা মনীন ৰাজাই ভাষণ প্ৰসংগত দুখ প্ৰকাশ কৰি কয় যে জুবিন দাৰ মৃত্যু কেৱল অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ সংগীতৰ ক্ষেত্ৰখনৰ বাবেও এক অপুৰণীয় ক্ষতি । আমাৰ মাৰঙাবাসীৰ এটা বহুদিনীয়া সপোন আছিল যে আমি এদিন জুবিন গাৰ্গক আমাৰ তালৈ মাতিম। কিন্তু আমাৰ সপোন সপোন হৈয়ে হৈয়ে ৰল। তেওঁ যতেই আছে তাতেই যেন কুশলে থাকে তাৰ কামনা কৰিলো । অনুষ্ঠানত ট্ৰেল বিনং আৰু বিমান বিনঙেও চমুকৈ ভাষণ প্ৰদান কৰে। তেনেদৰে অঞ্চলটোৰ মহিলা শিল্পী ক্ৰমে – উৰ্মিলা ৰাজা, বীণাপাণি বিনং, চাৰু চখৱাই , নীৰা বিনং, জেৰিনা চখৱাই, কবীন মাৰৱেট , সবিতা পাটৰে জয় জুবিন দা ধ্বনি দি মহান শিল্পী গৰাকীৰ এটি কালজয়ী গীত সমূহীয়াভাবে পৰিবেশন কৰে।

লক্ষণীয়ভাৱে উপস্থিত কেবাজনেও মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁক সোঁৱৰণ কৰি কেইবাজনেও চকুলো টুকি চমুকৈ আবেগিক হৈ পৰাও পৰিলক্ষিত হয়। একেদৰে সন্ধিয়া তাৰ পৰা কিছু নিলগত থকা মাৰঙা লেক নামৰ ৰিজৰ্ট খনতো মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তাতো জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি ৰিজৰ্টখনৰ স্বতাধিকাৰী , অভিযন্তা ঠনে ৰাজাই কয় দুখৰ মুহূৰ্তত একত্ৰিত হৈ জুবিন গাৰ্গক কেৱল আমি এজন কিংবদন্তী শিল্পী হিচাপে নহয়, বৰং এটা অনুভৱ হিচাপে স্মৰণ কৰি তেওঁৰ অনন্ত সুৰৰ সৈতে সকলোৱে  গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *