আকৰ্ষণীয় লাকী ড্ৰ’ আয়োজন কৰি কোকৰাঝাৰত উৎসৱমুখৰ আনন্দ দুগুণ কৰি তুলিছে কৃষ্ণা জুৱেলাৰীয়ে

ৰাজ্যত আৰম্ভ হোৱা উৎসৱৰ এই আনন্দময় পৰিৱেশক আৰু অধিক আকৰ্ষণীয় আৰু জীপাল কৰি তুলিবলৈ কোকৰাঝাৰত ‘বাম্পাৰ লাকী ড্ৰ ২৫’ উদ্বোধন কৰিছে গহণাৰ বিশ্বাসযোগ্য প্ৰতিষ্ঠান কিছনা ডাইমণ্ড এণ্ড গোল্ড জুৱেলাৰীয়ে। কোকৰাঝাৰৰ ৫নং ৱাৰ্ডৰ ৰে’ল গেটৰ সমীপত অৱস্থিত চিবি জুৱেলাৰ্ছত আৰম্ভ হৈছে এই এই বিশেষ লাকী ড্ৰ’। কিছনাৰ সহযোগত এই বিশেষ ‘বাম্পাৰ লাকী ড্ৰ’ ২৫’ৰ উন্মোচন কৰে চিবি জুৱেলাৰ্ছৰ স্বত্বাধিকাৰ বিদ্যুৎ দেৱনাথ আৰু চেলছ মেনেজাৰ ৰতন বসু ৰায়ে। লক্ষ্যণীয় যে, ইয়াৰ লগে লগে এই উৎসৱমুখৰ বজাৰত সোণ আৰু হীৰাৰ গহণাত গ্ৰাহকে জয়লাভ কৰাৰ সুযোগ পাব আকৰ্ষণীয় আৰু জীৱন সলনি কৰিব পৰা বিভিন্ন পুৰস্কাৰ।
এই অভিযান অনুসৰি, চিবি জুৱেলাৰ্ছৰ পৰা ২৫ হাজাৰতকৈ অধিক টকাৰে গহণা ক্ৰয় কৰা গ্ৰাহকসকলে লাভ কৰিব পাৰে একাধিক আকৰ্ষণীয় পুৰস্কাৰ। যাৰ ভিতৰত আছে-
* প্ৰতি ১৫ দিনৰ মূৰে মূৰে এখন স্কুটি (একেৰাহে পাঁচ সপ্তাহৰ বাবে, দীপাৱলীলৈকে)
* মেগা বাম্পাৰ ড্ৰ’, য’ত চূড়ান্ত পুৰস্কাৰ হ’ল এখন চাৰিচকীয়া বাহন।

ইফালে, সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ কৰি ৰাখিবলৈ প্ৰতিজন গ্ৰাহকৰ বিলৰ সৈতে স্বয়ংক্ৰিয়ভাৱে এটা কুপন ক’ড সৃষ্টি হ’ব আৰু সেই অনুসৰি তেওঁলোকে কাগজৰ ভাউচাৰটো সংগ্ৰহ কৰি ষ্ট’ৰৰ নিৰ্দিষ্ট স্কুটি আৰু চাৰিচকীয়া বাহনৰ বাকচত জমা কৰিব পাৰিব। দীপাৱলী, ২০২৫ লৈকে চলিবলগীয়া এই অভিযানৰ সময়ছোৱাত ভাগ্যৱান বিজয়ীসকলক মুঠ পাঁচখন স্কুটি আৰু এখন চাৰিচকীয়া বাহন প্ৰদান কৰা হ’ব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *