৬ খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ভদীয়া বানত ক্ষতিগ্ৰস্ত হৈছে

৬ খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ভদীয়া বানত ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া ASDMA ৰ বুলেটিনত প্ৰকাশ পাইছে যে, গোলাঘাট, বিশ্বনাথ, শোণিতপুৰ, কাৰ্বি আংলং, নগাঁও, আৰু কাছাৰ জিলাৰ ২৭৪ খন গাঁও আৰু ৪,১৯০ হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে।
বানৰ কৱলত পৰিছে ২২,০১৬ জন লোক। ইয়াৰ ভিতৰত ৮,৯৮০ জন পুৰুষ, ৮,১৯৯ জন মহিলা আৰু ৪,৮৩৭ জন শিশু। বৰ্তমানলৈকে ১১৩টা সাহায্য শিবিৰত ৬,৮৩৮ জন আশ্ৰয় দিয়া হৈছে, আনহাতে প্ৰায় ৪৭,৬৪৪ জনক সাহায্য বিতৰণৰ কেন্দ্ৰৰ জৰিয়তে সহায় কৰা হৈছে।ৰাজ্যত ভদীয়া বানৰ কালৰূপ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, ৬ খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ভদীয়া বানত ক্ষতিগ্ৰস্ত হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *