পুনৰ এবাৰ ভাৰত বনাম পাকিস্থান মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

যোৱা ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ভাৰত-পাক মেচখনৰ সময়ত সামাজিক মাধ্যমত বয়কট এছিয়া কাপ ট্ৰেণ্ডিঙত থকা পৰিলক্ষিত হৈছিল। কিন্তু এতিয়া পুনৰ এবাৰ ভাৰত বনাম পাকিস্থান মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা গা কৰি উঠিছে।বহু বিতৰ্কৰ অন্তত যোৱা দেওবাৰে অনুষ্ঠিত হয় ভাৰত আৰু পাকিস্তানৰ মেচ। এছিয়া কাপ ২০২৫ৰ এই মেচখনক কেন্দ্ৰ কৰি পূৰ্বৰে পৰা পৰিলক্ষিত হৈছিল যথেষ্ট বাদ-বিবাদ তথা বিতৰ্ক। মেচৰ সময়ত তথা পিছতো খেলুৱৈৰ কৰমৰ্দনক কেন্দ্ৰ কৰি আন এক বিতৰ্কৰ সূত্ৰপাত হয়। এই মেচখনৰ টছৰ সময়ত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে পাক অধিনায়ক ছলমান আলী আঘাৰ সৈতে কৰমৰ্দনৰ পৰা বিৰত থাকে। লগতে মেচৰ সমাপ্তিৰ পিছতো পাকিস্তানী খেলুৱৈৰ সৈতে কৰমৰ্দন নকৰে ভাৰতীয় খেলুৱৈসকলে।এনে পৰিস্থিতিত ২১ ছেপ্টেম্বৰত ছুপাৰ-৪ পৰ্যায়ত ভাৰত আৰু পাকিস্তানৰ মাজত আন এক ৰোমাঞ্চকৰ মেচ দেখা পোৱা যাব। এই ছুপাৰ-৪ মেচখন গ্ৰুপ-এৰ পৰা যোগ্যতা অৰ্জন কৰা শীৰ্ষ দুটা দলৰ মাজত অনুষ্ঠিত হ’ব। ইতিমধ্যে ভাৰতে এই মেচখনত স্থান নিশ্চিত কৰিছে। এতিয়া মেচৰ আনটো দল আফগানিস্তান হ’ব নে পাকিস্তান হ’ব, সেয়া কাইলৈহে জানিন পৰা যাব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *