একেৰাহে দ্বিতীয়বাৰলৈ মহিলা গ্ৰেণ্ড চুইছ চেম্পিয়ন বৈশালী ৰমেশবাবু

ভাৰতৰ বৈশালী ৰমেশবাবুৱে ফিডে ৱ’মেনছ গ্ৰেণ্ড চুইচ ২০২৫ৰ খিতাপ জয়লাভ কৰিছে।একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে। আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ তথ্য অনুসৰি এই জয়েৰে বৈশালীয়ে ৱমেন কেণ্ডিডেটচ ২০২৬ত নিজৰ স্থান নিশ্চিত কৰিছে।

বৈশালীৰ বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ইনষ্টাগ্ৰামত লিখিছে- এয়া এক বৃহৎ কৃতিত্ব। বৈশালী ৰমেশবাবুক অভিনন্দন।

তেওঁৰ আবেগ আৰু নিষ্ঠা এক উদাহৰণ। ভৱিষ্যতৰ বাবে শুভেচ্ছা। একে সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৈশালীক অভিনন্দন জনাই কয় যে এই বিজয় বিশ্ব পৰ্যায়ত দবাত ভাৰতৰ ক্ৰমবৰ্ধমান শক্তিৰ প্ৰমাণ।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *