জ্যেষ্ঠ সাংবাদিক সিদ্ধাৰ্থ বৰাদৰাজন-কৰণ থাপাৰলৈ চমন গুৱাহাটী আৰক্ষীৰ

দেশদ্ৰোহৰ অভিযোগত ৰুজু হোৱা গোচৰৰ সৈতে জড়িত জ্যেষ্ঠ সাংবাদিক সিদ্ধাৰ্থ বৰাদৰাজন আৰু কৰণ থাপাৰক চমন কৰিছে গুৱাহাটী আৰক্ষীয়ে। ডিজিটেল মিডিয়া ‘দ্য ৱায়াৰ’ৰ দুয়োগৰাকী সাংবাদিককে ২২ আগষ্টত গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ হ’বলৈ কোৱা হৈছে। চমনত কোৱা হৈছে যে বৰ্তমানৰ তদন্তৰ সৈতে জড়িত তথ্য আৰু পৰিস্থিতি নিৰ্ণয় কৰিবলৈ আপোনাক প্ৰশ্ন কৰাৰ যুক্তিসংগত ভিত্তি আছে বুলি পোহৰলৈ আহিছে। ‘দ্য ৱায়াৰ’ৰ এজন বিষয়াই অৱশ্যে কয় যে অভিযুক্ত সাংবাদিকসকলক চমনৰ লগতে কোনো এফআইআৰ বা চাৰ্জশ্বীট প্ৰদান কৰা হোৱা নাছিল। তেওঁ কয় যে আৰক্ষীয়ে এই গোচৰৰ কোনো তথ্য শ্বেয়াৰ কৰা নাই আৰু গোচৰৰ তথ্য বিচাৰি আৰক্ষীৰ উচ্চপদস্থ বিষয়াক বাৰে বাৰে কৰা ফোন কলৰ কোনো উত্তৰ পোৱা নাছিল। ১৪ আগষ্টত বৰাদৰাজনে চমন লাভ কৰাৰ বিপৰীতে সোমবাৰে থাপাৰে লাভ কৰে। চমনত লিখা আছে-এই জাননীৰ চৰ্তসমূহ মানি চলাত ব্যৰ্থ হ’লে/হাজিৰ নহ’লে আপোনাক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে। অপৰাধ শাখা পৰিদৰ্শক সৌমাৰজ্যোতি সত্যজিতে জাৰি কৰা চমনত তেওঁ ভাৰতীয় দণ্ডবিধিৰ ১৫২, ১৯৬, ১৯৭(১)(ডি)/৩(৬), ৩৫৩, ৪৫ আৰু ৬১ ধাৰাত অপৰাধ শাখাত পঞ্জীয়ন কৰা এফ আই আৰ (নং: ০৩/২০২৫)ৰ কথা উল্লেখ কৰে। ভাৰতীয় দণ্ডবিধিৰ ১৫২ নং ধাৰাত ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কাৰ্য্যৰ বিষয়ে উল্লেখ আছে।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *