ৰাজ্যৰ এগৰাকী প্ৰসিদ্ধ আয়ুৰ্বেদিক চিকিৎসক , গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ পাৰ্বতী চৰণ ভট্টাচাৰ্য্যৰ প্ৰথম মৃত্যু তিথিৰ লগত সংগতি ৰাখি ১৪ আগষ্টত তেওঁৰ লংকেশ্বৰস্থিৰ বাসগৃহত আয়োজিত এক স্মৃতিচাৰণ অনুষ্ঠানত এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখযোগ্য যে ২০২৪ চনৰ ২৬ জুলাইত বাৰ্ধক্যজনিত কাৰণত ডাঃ ভট্টাচাৰ্য্যৰ মৃত্যু হৈছিল । তেওঁৰ প্ৰথম মৃত্যু তিথিৰ লগত সংগতি ৰাখি পৰিয়ালৰ উদ্যোগত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থখন সিদিনা উন্মোচন কৰা হয় । আনহাতে এই উপলক্ষে স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক ডাঃ অনিল কুমাৰ শৰ্মাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সভাপতিত্ব কৰে সম্পাদনা সমিতিৰ সভাপতি জয়ন্ত কুমাৰ শৰ্মাই। ইফালে গান্ধীস্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তৰুণ চন্দ্ৰ শৰ্মাৰ এটি মঙ্গলাচৰণেৰ শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে প্ৰয়াত ডাঃ ভট্টাচাৰ্য্যৰ সহধৰ্মিণী তথা স্মৃতিগ্ৰন্থৰ প্ৰকাশক বিজয়া ভট্টাচাৰ্য্যই ।
অনুষ্ঠানত উপস্থিত থকা গুৱাহাটী আয়ুৰ্বেদিক মহাবিদ্যালয় পৰিয়ালৰ প্ৰাক্তন অধ্যাপক- চিকিৎসকসকলে স্মৃতি তৰ্পণ কৰে । অনুষ্ঠানত স্মৃতিগ্ৰন্থ ‘আয়ুৰ্নিধি ‘ উন্মোচন কৰে ৰঙিয়া মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক জোতিষ চন্দ্ৰ চৌধুৰীয়ে । ভাষণ প্ৰসংগত তেঁও প্ৰয়াত ডাঃ ভট্টাচাৰ্য্যৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে পৰিয়ালবৰ্গৰ এই প্ৰচেষ্টাৰ শলাগ লয় । উল্লেখ্য যে স্মৃতিগ্ৰন্থ ‘আয়ুৰ্নিধি’ত চাৰিকুৰিৰো অধিক লেখকে ডাঃ পাৰ্বতী চৰণ ভট্টাচাৰ্য্যৰ জীৱন দৰ্শন আৰু কৰ্মৰাজিৰ বিভিন্ন দিশ সামৰি লিখা লেখনি তথ্য সহকাৰে প্ৰকাশ পাইছে ।গুৱাহাটী চানমাৰিৰ পূৰৱী চিল্ক স্ক্ৰীন প্ৰিণ্টিং এণ্ড ডিজাইনত ৩৪৪ পৃষ্ঠাৰ সুবৃহৎ কলেবৰৰ স্মৃতিগ্ৰন্থখন ছপা কৰি উলিওৱা গৈছে । অনুষ্ঠানত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসাল়য়ৰ তিনি গৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে – ডাঃ ধনেশ্বৰ কলিতা , ডাঃ ৰমাকান্ত শৰ্মা আৰু ডাঃ ভৱেশ দাস, অধ্যাপক – চিকিৎসক ক্ৰমে – ডাঃ শশধৰ শৰ্মা, ডাঃ বিমল ডেকা ,ডাঃ স্বপন চক্ৰৱৰ্তীয়ে চমু ভাষণত ডাঃ পাৰ্বতী চৰণ ভট্টাচাৰ্যই কিদৰে বিভিন্ন সীমাবদ্ধতাৰ মাজতো চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ উন্নতিৰ হকে নিজকে সমৰ্পিত কৰিছিল তাৰ আলোকপাত কৰে।
অনুষ্ঠানত ডঃ বিপিন কলিতাই প্ৰয়াত ভট্টাচাৰ্য্যৰ দৰে ভাল প্ৰতিবেশীৰ সৈতে থকা সম্পৰ্কৰ কথা দোহাৰে । অনুষ্ঠানত অসম আয়ুৰ্বেদিক চিকিৎসক সেৱা সন্থাৰ সম্পাদক ডাঃ শঙ্কৰজোতি দাসে প্ৰয়াত ডাঃ পাৰ্বতী চৰণ ভট্টাচাৰ্য্যক আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ইতিহাসত এজন সফল চিকিৎসকৰ লগতে নিৰপেক্ষ প্ৰশাসক আছিল বুলি সদৰি কৰে । শতাধিক গুণমুগ্ধৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটোৰ আঁত ধৰে অনামিকা ফুকন বৰঠাকুৰে শেষত পৰিয়ালৰ হৈ শলাগৰ শৰাই আগবঢ়াই প্ৰয়াত ভট্টাচাৰ্য্যৰ জেষ্ঠ পুত্ৰ , অভিযন্তা সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্যই । অনুষ্ঠানত প্ৰয়াত ডাঃ ভট্টাচাৰ্যৰ পুত্ৰ, জীয়ৰী , বোৱাৰী, জোৱাঁই, নাতি – নাতিনীকে ধৰি পৰিয়ালৰ সদস্য সকল উপস্থিত আছিল।
