নক্সালবাদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে নিৰাপত্তা বাহিনীয়ে। বিশেষকৈ ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে শেহতীয়া কিছুদিনত নক্সালবাদৰ বিৰুদ্ধে জোৰদান অভিযান চলাই ব্যাপক সফলতা লাভ কৰিছে। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আগন্তুক বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত নক্সালবাদ সম্পূৰ্ণ নিঃশেষ কৰা হ’ব বুলিও হুংকাৰ দিছে। কেন্দ্ৰৰ এনে অভিযানৰ মাজতো পিছে সক্ৰিয় হৈ আছে নক্সাল বিদ্ৰোহ। ছত্তীশগড়ত পুনৰ নক্সাল বিদ্ৰোহীয়ে সংঘটিত কৰিছে ভয়ংকৰ বিস্ফোৰণ।বিস্ফোৰণত DRG দলৰ জোৱান দীনেশ নাগ শ্বহীদ হোৱাৰ বিপৰীতে আন তিনিজন জোৱান আহত হয়। আহত জোৱানকেইজনৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সংকটমুক্ত বুলি জানিব পৰা গৈছে।কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে জোৱানকেইজনৰ অপাৰেচন সম্পন্ন হ’ব আৰু তাৰ পিছতহে বিতং তথ্য প্ৰদান কৰা হ’ব।
নক্সালবাদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে নিৰাপত্তা বাহিনীয়ে
