অটল বিহাৰী বাজপেয়ীৰ আজি মৃত্যু বাৰ্ষিকী

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি মৃত্যু বাৰ্ষিকী। ২০১৮ চনৰ আজিৰ দিনটোতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। তিনিবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাজনীতিবিদগৰাকীৰ মৃত্যু বাৰ্ষিকীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জাতিৰ প্ৰতি থকা সেৱাৰ মনোভাৱ আৰু স্বাৱলম্বী ভাৰতৰ দৃষ্টিভংগীৰ উদ্ধৃতি দি অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।উল্লেখ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল। ২০১৮ চনৰ ১৬ আগষ্টত দিল্লীৰ এইমছত চিৰদিনৰ বাবে চকু মুদিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক সদস্য বাজপেয়ীয়ে তিনিবাৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *