দিল্লীত ভয়ংকৰ ঘটনা

দক্ষিণ-পূব দিল্লীৰ জৈতপুৰ থানাৰ অন্তৰ্গত হৰি নগৰত ভয়ংকৰ দুৰ্ঘটনা । শনিবাৰে অঞ্চলটোত থকা প্ৰায় ১০০ ফুট দীঘল এখন পকী দেৱাল হঠাতে বাগৰি পৰে । বস্তি অঞ্চলটোৰ কেইবাটাও জুপুৰিৰ ওপৰত দেৱালখন বাগৰি পৰে । ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।দুৰ্ঘটনাটোত ৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । নিহতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে । একে সময়তে আহতসকলক উদ্ধাৰ কৰি এইমছ ট্ৰ’মা চেণ্টাৰ আৰু ছফদৰজং হাস্পতালত ভৰ্তি কৰোৱা হয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *