অসম আৰক্ষীৰ বৃহৎ সাফল্য

স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তুলিছে। প্ৰশাসনৰ এনে সক্ৰিয়তাৰ মাজতে শুকুৰবাৰে নিশা অসম আৰক্ষীৰ জালত পৰিছে এক ভুৱা আলফা।প্ৰকাশিত খবৰ অনুসৰি, শুকুৰবাৰে নুনমাটি আৰক্ষীয়ে নলবাৰীৰ বৰামাৰ পৰা গ্ৰেপ্তাৰ কৰে ভুৱা আলফাজনক। আৰক্ষীয়ে সদৰী কৰা মতে ধৃত এই ভুৱা আলফাজনৰ নাম সুমটো ব্ৰহ্ম (৩০)। ধৃত এই সুমটো ব্ৰহ্ম নামৰ লোকজনে নিজকে আলফা কেদাৰ বুলি চিনাকি দি ৰাহুল দাস নামৰ এজন লোকৰ পৰা পাঁচ লাখ টকা দাবী কৰিছিল বুলি প্ৰকাশ পাইছে।সম্প্ৰতি ধৃত সুমটো ব্ৰহ্মক নুনমাটি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিংঙে (আইন শৃংখলা) কালি দিনৰ ভাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি উগ্ৰপন্থী সংগঠনৰ সম্ভাৱ্য কুটাঘাত প্ৰতিৰোধৰ বাবে গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যতে অসম আৰক্ষী সষ্টম হৈ থকা বুলি উল্লেখ কৰিছিল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *