ডায়েবেটিছ, দুশ্চিন্তা আৰু ক্লান্তি

ডায়েবেটিছৰ সৈতে জীয়াই থকাৰ অৰ্থ কেৱল শৰীৰত শৰ্কৰাৰ পৰীক্ষা কৰাতে সীমাৱদ্ধ নহয় — প্ৰতিদিনে ইয়াক সুস্থ পৰিসৰত ৰখাটোহে আচল কথা। ইয়াৰ বাবে কেতিয়া আৰু কি খায় সেই বিষয়ে সচেতন হৈ থকাটো প্ৰয়োজন আৰু তেজত শৰ্কৰাৰ মাত্ৰা কমি গ’লে কি কৰিব লাগে সেই বিষয়েও জনাটো প্ৰয়োজন। এই সামগ্ৰিক পৰিৱেশে ভাৰতৰ ১০১ মিলিয়নতকৈ অধিক ডায়েবেটিছ ৰোগীৰ প্ৰায় ১৮% লোকক আক্ৰান্ত কৰে। কিছুমান লোকৰ ক্ষেত্ৰত খিংখিঙীয়া, হতাশা বা আৱেগিক ক্লান্তি হিচাপে প্ৰকাশ পায়। আন কিছুমানৰ বাবে ই এক শান্ত প্ৰত্যাৱৰ্তন-গ্লুকজ পৰীক্ষা নোহোৱা, ঔষধ এৰাই যোৱা, বা চিকিত্সকৰ এপইণ্টমেণ্ট এৰাই যোৱা। ডায়েবেটিছৰ সমস্যা সাধাৰণতে দৈনন্দিন ব্যৱস্থাপনাৰ নিৰন্তৰ দাবীৰ পৰাই উদ্ভৱ হয়। ই নিৰন্তৰ সতৰ্কতাই ল’ব পৰা আৱেগিক ক্ষতিৰ প্ৰতিফলন। ডায়েবেটিছৰ মানসিক আৰু আৱেগিক প্ৰভাৱক উপলব্ধি কৰি মানুহে ভাৰসাম্যৰ সংহতি বা সোপান বিচাৰিবলৈ আৰম্ভ কৰিব পাৰে, আত্মবিশ্বাস পুনৰ গঢ়িব কৰিব পাৰে আৰু সমৰ্থন প্ৰণালীৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিব পাৰে। প্ৰযুক্তিয়ে ডায়েবেটিছৰ বোজা হ্ৰাস কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে আৰু এই সমস্যা নিয়ন্ত্ৰণ কৰাত অতি প্ৰয়োজনীয় সহায় আগবঢ়াব পাৰে। অবিৰত গ্লুকজ মনিটৰিং (চিজিএম) ডিভাইচে বাস্তৱ সময়ৰ ব্লাড গ্লুকজ এলাৰ্ম প্ৰদান কৰে, যিয়ে আপোনাক আপোনাৰ গ্লুকজ অতি কম বা অতি বেছি হোৱাৰ মুহূৰ্তৰ কথা অৱগত কৰে আৰু সঠিক সিদ্ধান্ত লয়। এই প্ৰণালীয়ে আৰ্হি আৰু প্ৰৱণতা চাবলৈ সুযোগ প্ৰদান কৰে, লগতে খাদ্য, কাৰ্য-কলাপ আৰু ইনচুলিনে গ্লুকজৰ স্তৰক কেনেদৰে প্ৰভাৱিত কৰে সেই বিষয়ে বুজিবলৈ সহায় কৰে।
ডিব্ৰুগড়স্থিত এপ’ল’ ক্লিনিকৰ পৰামৰ্শদাতা তথা বিশিষ্ট ডায়েবেট’লজিষ্ট ডাঃ শুভজ্যোতি ঘোষে এই বিষয়ে কয় যে, “ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে এক সামগ্ৰিক দৃষ্টিভংগীৰ প্ৰয়োজন, যি শৰীৰ আৰু মন দুয়োটাকে প্ৰতিপালন কৰে। ফলপ্ৰসূ ডায়েবেটিছ ব্যৱস্থাপনা হৈছে ভাৰসাম্য বজাই ৰখা। এক সুসমন্বিত ৰুটিন যেনে-পুষ্টিকৰ আহাৰ গ্ৰহণ, নিয়মীয়া শাৰীৰিক কাৰ্য-কলাপ আৰু গ্লুকজৰ নিৰন্তৰ নিৰীক্ষণ আদিক ধৰা হয়। অবিৰত গ্লুকজ মনিটৰিং(চিজিএম) সঁজুলিৰ দৰে বিকল্পই এই যাত্ৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।” এবটৰ দক্ষিণ এছিয়াৰ চিকিৎসা পৰিক্ৰমা বিভাগৰ মুৰব্বী ডাঃ বিবেক আয়াৰে এই বিষয়ে কয় যে, “ডায়েবেটিছৰ সমস্যাৰ বোজা হ্ৰাস বা লাঘৱ কৰিবলৈ আৰু সমস্যাসমূহ প্ৰতিৰোধ কৰিবলৈ অবিৰত গ্লুকজ মনিটৰিং (চিজিএম) সঁজুলিবোৰ ৰূপান্তৰশীল হ’ব পাৰে। আজিৰ চিজিএমসমূহে অনুসৰণৰ উৰ্ধ্বলৈ গৈছে—যিবোৰে সংযোগক লাভান্বিত কৰা ব্যাপক ডিজিটেল স্বাস্থ্য প্লেটফৰ্ম হিচাপে কাম কৰে। আক্ৰান্তসকলক আপোনজন আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ সৈতে বাস্তৱ সময়ৰ গ্লুক’জৰ তথ্যৰ ভাগ-বতৰা বা নিৰীক্ষণ কৰিবলৈ সুযোগ প্ৰদান কৰি চিজিএমসমূহে এক সহায়ক, সঠিক যত্ন নেটৱৰ্ক সৃষ্টি কৰাত সহায় কৰে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *