এক নতুন বিশ্বব্যাপী অধ্যয়নত প্ৰকাশ পাইছে যে জৰুৰী অস্ত্ৰোপচাৰ এতিয়াও বিশ্বৰ এক বৃহৎ জনসংখ্যাৰ হাতৰ মুঠিৰ বাহিৰত। বিশেষকৈ দৰিদ্ৰ আৰু মধ্যম আয়ৰ দেশৰ লোকৰ বাবে এয়া এক কঠোৰ বাস্তৱ। প্ৰতিবেদনত প্ৰকাশ পাইছে যে প্ৰতি বছৰে সমগ্ৰ বিশ্বৰ ১৬ কোটি লোকে তেওঁলোকৰ জীৱন ৰক্ষা কৰিব পৰা জৰুৰী অস্ত্ৰোপচাৰৰ পৰা বঞ্চিত হয়।
কোটি কোটি লোক এনে ৰোগত ভুগি আছে, যি চিকিৎসা সম্ভৱ কিন্তু ব্যৱস্থা, সম্পদ আৰু অগ্ৰাধিকাৰৰ অভাৱত মৃত্যুৰ দিশলৈ গতি কৰিছে। এনে পৰিস্থিতিত ২০খন দেশৰ ৬০জন স্বাস্থ্য বিশেষজ্ঞৰ বিশ্বব্যাপী মিত্ৰজোঁটে এই অস্ত্ৰোপচাৰ সংকটৰ ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
অধ্যয়নৰ ফলাফলত দেখা গৈছে যে কম আৰু মধ্যম আয়ৰ দেশসমূহৰ মাত্ৰ ২৬ শতাংশইহে দুঘণ্টাৰ ভিতৰত অত্যাৱশ্যকীয় অস্ত্ৰোপচাৰ উপলব্ধ কৰাৰ পথত আগবাঢ়িছে, আনহাতে এই দেশসমূহৰ কোনো এখনেই প্ৰতি বছৰে প্ৰতি এক লাখ লোকৰ বিপৰীতে ৫ হাজাৰ অস্ত্ৰোপচাৰৰ মানদণ্ড লাভ কৰিব পৰা নাই। এই অধ্যয়নৰ ফলাফল আন্তঃৰাষ্ট্ৰীয় আলোচনী লেন্সেটত প্ৰকাশ পাইছে।
