জম্মু-কাশ্মীৰত অমৰনাথ যাত্ৰা পথৰ বহু ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। বাল্টাল পথত হোৱা ভূমিস্খলনৰ ফলত ১০ জন তীৰ্থযাত্ৰী আহত হয়। ক্ষন্তেকীয়া বানৰ কবলত আবদ্ধ হৈ পৰিল বহু তীৰ্থযাত্ৰী। ইয়াৰ বাবে আজি অৰ্থাৎ বৃহস্পতিবাৰে অমৰনাথ যাত্ৰা স্থগিত থাকিব। আজি জম্মু বেছ কেম্পৰ বাহিৰলৈ নাযায় এই যাত্ৰা।সূত্ৰই জনোৱা মতে, এই ভূমিস্খলনৰ সময়ত ৰাজস্থানৰ এগৰাকী মহিলাক অচেতন অৱস্থাত চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয়, যাক ৫৫ বছৰীয়া সোণা বাই বুলি চিনাক্ত কৰা হৈছে। চিকিৎসা কেন্দ্ৰত মৃত অৱস্থাত উদ্ধাৰ হয় তেওঁক। একে সময়তে আন ১০ জন আহতক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তেওঁলোকৰ কোনো এজনৰ গুৰুতৰভাৱে আহত হোৱা নাই। অৱশ্যে এই ঘটনা সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই।অমৰনাথ যাত্ৰাৰ বাবে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। এই পৰ্যন্ত ডেৰ-দুই লাখৰো অধিক ভক্তই বাবা বৰফনীৰ দৰ্শন কৰিছে। ১ জুলাইৰ পৰা ১০ আগষ্টলৈ অমৰনাথ যাত্ৰা পথক ‘নো ফ্লাইং জ’ন’ হিচাপে ঘোষণা কৰা হৈছে, য’ত ড্ৰ’ন, ইউএভি আৰু বেলুন নিষিদ্ধ কৰা হৈছে।
অমৰনাথ যাত্ৰা পথত ভুমিস্খলন
