পাকিস্তানক ঘাটে ঘাটে পানী খুৱাবলৈ সাজু ভাৰত

ভাৰত চৰকাৰে সদায় প্ৰতিৰক্ষা খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। শেহতীয়াকৈ ভাৰত-পাকিস্তান সংঘাতৰ পিছত কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰি তুলিছে। এইবাৰ সেনাৰ শক্তি বৃদ্ধি কৰিব এখন অত্যাধুনিক হেলিকপ্টাৰখনে । সূত্ৰৰ পৰা জানিব পৰা মতে, বহু প্ৰতীক্ষিত আপাচি আক্ৰমণাত্মক হেলিকপ্টাখন অৱশেষত ভাৰতৰ হাতলৈ আহিব।আপাচি হেলিকপ্টাৰক ‘আকাশৰ টেংক’ বুলি জনা যায়।

AH-64E উন্নত আক্ৰমণাত্মক হেলিকপ্টাৰখনত অসাধাৰণ চেন্সৰ আৰু টাৰ্গেট ক্ষমতা আছে। দিনেই হওক বা ৰাতি হওক, এই হেলিকপ্টাৰখনে ধুমুহাৰ পৰা আৰম্ভ কৰি প্ৰচণ্ড বৰফ পৰালৈকে যিকোনো প্ৰত্যাহ্বানমূলক পৰিৱেশত শক্তিৰে কাম কৰিব পাৰে।

ভাৰতে অহা ২১ জুলাইত আমেৰিকাৰ পৰা প্ৰথম বেটচ আপাচি আক্ৰমণকাৰী হেলিকপ্টাৰ লাভ কৰিব। প্ৰথম পৰ্যায়ত আহিব তিনিখন আপাচি হেলিকপ্টাৰ। জানিব পৰা মতে এই হেলিকপ্টাৰসমূহে ভাৰতীয় বায়ুসেনাৰ হিন্দন এয়াৰবেছত অৱতৰণ কৰিব।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *