হিমাচল প্ৰদেশত প্ৰচণ্ড বৰষুণ আৰু ডাৱৰ বিস্ফোৰণত ১০৯ জনৰ মৃ*ত্যু

২০ জুনৰ পৰা এতিয়ালৈ হিমাচল প্ৰদেশত প্ৰাকৃতিক দুৰ্যোগত ১০৯ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও প্ৰচণ্ড বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ দৰে ঘটনাৰ বাবে ৮১৮ কোটি টকাৰ চৰকাৰী আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতিসাধন হৈছে। জম্মু-কাশ্মীৰত নেৰা নেপেৰা বৰষুণৰ বাবে বুধবাৰে অমৰনাথ যাত্ৰা পথত ভূমিস্খলন সংঘটিত হয়।

গণ্ডাৰবল জিলাৰ বালতাল পথত সংঘটিত হোৱা ভূমিস্খলনত এগৰাকী মহিলা তীৰ্থযাত্ৰী নিহত হোৱাৰ বিপৰীতে তিনিগৰাকী আহত হয়। বৃহস্পতিবাৰে গোটেই দিনটোৰ বাবে এই যাত্ৰা বন্ধ কৰি দিয়া হৈছে। মধ্যপ্ৰদেশৰ মৌগঞ্জ জিলাত ধাৰাবাহিকভাৱে বৰষুণৰ ফলত গ্ৰামাঞ্চলত বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে।

মানুহে নিজৰ সামগ্ৰী কঢ়িয়াই লৈ নিৰাপদ স্থানৰ দিশে আগবাঢ়িছে। একে সময়তে বুধবাৰে বিহাৰৰ বিভিন্ন জিলাত বজ্ৰপাতৰ ফলত ২০ জন লোকৰ মৃত্যু হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *